--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৪৫ বছৰৰ পূৰ্বে এখন বিলৰ পানীত ডুব গৈছিল এখন গাঁও। সম্পূৰ্ণ ৪৫ বছৰে পানীৰ তলতে সোমাই থাকিল গাঁওখন। হঠাতে সেই গাঁওখন ওপৰলৈ উঠি আহিল। যাকে লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। এই ঘটনা সংঘটিত হৈছে গ্ৰীচত।
AFP Houses and buildings in the sunken village of Kallio
গ্ৰীচৰ মৰ্নছ হ্ৰদৰ জলপৃষ্ঠ ইমানেই বেয়াকৈ হ্ৰাস পাইছে যে ৪৫ বছৰ পূৰ্বে ডুব যোৱা কালিঅ' গাঁও পুনৰ ওপৰলৈ ওলাই আহিল। ১৯৮০ চনত এই গাঁওখন পানীৰ তলত ডুব গৈছিল। 
AFP The Mornos reservoir
এতিয়া খৰাঙৰ বাবে বিলখনৰ পানীৰ স্তৰ ইমানেই দ্ৰুতগতিত কমিছে যে অত বছৰে পানীৰ তলত সোমাই থকা গাঁওখনৰ পুৰণি অট্টালিকাবোৰ পুনৰ দেখা গৈছে। উল্লেখ্য যে গ্ৰীচ বৰ্তমান এক প্ৰচণ্ড জল সংকটৰ সন্মুখীন হৈছে। শীতকালত তুষাৰপাত কমি যোৱা আৰু গ্ৰীষ্মকালত সঘনাই হোৱা গ্ৰীষ্ম প্ৰবাহৰ বাবে হ্ৰদটোৰ জলপৃষ্ঠই ৩৩ বছৰৰ ভিতৰত সৰ্বনিম্ন স্তৰত উপনীত হৈছে। 
Stone buildings sticking out from the water
ড’ৰিডাৰ মেয়ৰ ডিমিট্ৰিছ জিয়ান’পুলছে কয় যে ইমান কম পানীৰ পৰিস্থিতি আগতে কেতিয়াও দেখা পোৱা নাছিল। উপগ্ৰহৰ ছবি অনুসৰি যোৱা বছৰৰ আগষ্ট মাহত হ্ৰদটোৰ পৃষ্ঠভাগ ১৬.৮ বৰ্গ কিলোমিটাৰ আছিল, যিটো এই বছৰ মাত্ৰ ১২.০ বৰ্গ কিলোমিটাৰলৈ হ্ৰাস পাইছে। পানীৰ স্তৰ হ্ৰাস পোৱাৰ পৰিবেশৰ ওপৰত প্ৰভাৱো স্পষ্টকৈ দেখা যায়। পাৰৰ গছবোৰ হালধীয়া হৈ পৰিছে, কুঁৱাবোৰ শুকাই গৈছে আৰু চাৰিওফালৰ গাঁওবোৰত পানীৰ তীব্ৰ নাটনি হৈছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?