--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবিশ্বত সময় বাগৰাৰ লগে লগে  মহামাৰীৰ আতংকও  হ্ৰাস পাইছে। কৰোনা ভাইৰাছ শেহতীয়াকৈ আতংকৰ সৃষ্টি কৰিছিল যদিও এতিয়া ভাইৰাছবিধ যথেষ্ট দুৰ্বল হৈ  পৰিছে। কিন্তু এনে সকাহৰ মাজতে পুনৰ নতুন বিপদে মূৰ দাঙি উঠিছে। এইবাৰ ৰাছিয়াত বৰফে আৱৰি থকা হ্ৰদৰ তলিৰ পৰা ৪৮,৫০০ বছৰ আগতে নোহোৱা হৈ যোৱা বুলি ধাৰণা কৰা এবিধ  ভাইৰাছ উদ্ধাৰ হোৱাৰ কথাই  বিজ্ঞানীসকলক চিন্তিত কৰি তুলিছে।

ভাইৰাছ বিধৰ নাম 'জম্বি' ।  বিজ্ঞানীসকল এই 'জম্বি' ভাইৰাছটো পুনৰুজ্জীৱিত হৈ উঠাত  চিন্তিত হৈছে। উদ্ধাৰ হোৱা  ভাইৰাছবিধে  এতিয়াও সংক্ৰমণ বিয়পাবলৈ সক্ষম বুলি বিজ্ঞানীসকলে প্ৰকাশ কৰিছে। তেওঁলোকে আশংকা কৰিছে যে এনে ভাইৰাছৰ পৰা এটা নতুন মহামাৰীৰ সূত্ৰপাত ঘটিব  পাৰে।

ফৰাচী বিজ্ঞানীৰ দল এটাই প্ৰকাশ কৰা মতে  এনে অজ্ঞাত প্ৰাচীন ভাইৰাছে মানুহ, জীৱ-জন্তু বা উদ্ভিদতো  বহু সংক্ৰামক আৰু বিপজ্জনক ৰোগ বিয়পাব পাৰে। গোলকীয় উষ্ণতাৰ  বাবে দীৰ্ঘদিন ধৰি বৰফ গলি আছে। ফলত হাজাৰ হাজাৰ বছৰ ধৰি বৰফৰ তলত পৰি ৰোৱা এনে ভাইৰাছ পুনৰ মাটিৰ দিশে উঠি আহিছে। ধাৰণা কৰা হৈছে  যে তাত এক নিযুত বছৰ ধৰি চাপ খাই থকা  থকা ভাইৰাছো আছে।সেইবোৰৰ ভিতৰত  আছে কোষীয় অণুজীৱ আৰু ভাইৰাছ।

৪৮ হাজাৰ বছৰ পুৰণি  'জম্বি' ভাইৰাছ ৰ আন এটা নাম  পেণ্ডোভাইৰাছ আইডোমা। এই   ভাইৰাছবিধৰ আন মানুহ-জন্তু আজিক সহজে  সংক্ৰমিত কৰাৰ ক্ষমতা আছে। ইয়াৰ আগতে ২০১৩ চনত চাইবেৰিয়াত ৩০,০০০ বছৰ পুৰণি ভাইৰাছ ধৰা পৰিছিল। নতুনকৈ ধৰা পৰা বছৰৰ ভাইৰাছবিধ  আৰু অধিক পুৰণি।

অধ্যয়ন অনুসৰি বিজ্ঞানীসকলে সৰ্বাধিক ১৩  প্ৰকাৰৰ এনে ধৰণৰ  ভাইৰাছ বিচাৰি পাইছে। 'চাইন্স এলাৰ্ট' আলোচনীখনৰ মতে এনে সকলো  ভাইৰাছৰে সংক্ৰমণ বিয়পাব পৰাৰ ক্ষমতা আছে। বিজ্ঞানীসকলে আশংকা কৰিছে যে ভৱিষ্যতে কোভিড মহামাৰীৰ দৰেই এনে ভাইৰাছবোৰেও আন  মহামাৰীৰ সৃষ্টি কৰিব  পাৰে। এই ধৰণৰ ভাইৰাছ প্ৰতিৰোধ কিদৰে কৰিব পাৰি সেয়াও  এতিয়াও বিজ্ঞানীসকলৰ বাবে অজ্ঞাত। 
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?