--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

আহমেদাবাদ : ছবছৰীয়া কাৰ্যকালতে পূৰ্বৰ চৰকাৰৰ কুৰি বছৰৰ সমান উন্নয়ন সাধিছে নৰেন্দ্ৰ মোদী চৰকাৰে। এই দাবী কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। গুজৰাটৰ এটা অনুষ্ঠানত ভাৰ্চুৱেলী অংশগ্ৰহণ কৰি শ্বাহে কয় যে, বিগত ছবছৰত চৰকাৰে আন্তঃগাঁথনি উন্নয়নৰ দিশত কৰা কাম-কাজ পূৰ্বৰ চৰকাৰৰ কুৰি বছৰৰ কামৰ সমান।

আৰু পঢ়িব পাৰিব : অসমৰ ভূমিত মেঘালয়ৰ অবৈধ টোলগে’ট স্থাপন

তেওঁ কেন্দ্ৰীয় চৰকাৰৰ ভালেমান উন্নয়নমূলক কামৰ খতিয়ানো দাঙি ধৰে। গুজৰাটত এখন ফ’ৰলেন অ’ভাৰব্ৰীজ মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। গুজৰাটৰ উপ-মুখ্যমন্ত্ৰী নীতিন পেটেলে এই উৰণীয়া সেতু মুকলি কৰে। অনু্ষ্ঠানত দেশৰ অৰ্থনীতিয়ে ক’ভিডসৃষ্ট প্ৰত্যাহ্বানক জয় কৰাৰ বিষয়েও তেওঁ উল্লেখ কৰে। তেওঁ কয়, ভাৰতৰ অৰ্থনীতি এতিয়া ‘ভি শ্বেপড ৰিক’ভাৰী’ দিশে অগ্ৰসৰ হৈছে আৰু সমগ্ৰ বিশ্বই এই পুনৰুত্থান বিস্ময়েৰে লক্ষ্য কৰিছে।

আৰু পঢ়িব পাৰিব : ট্ৰাম্পৰ নীতি সলনিৰ বাবে সাজু বাইডেন, ইছলামিক দেশলৈকো সকাহ!

তেওঁ কয় যে, দেশত ক’ভিড-১৯ৰ টিকাকৰণ অভিযান চলি আছে আৰু যিদিনাই দেশৰ সকলো লোককে প্ৰতিষেধক প্ৰদানত সফলতা লাভ কৰিম আৰু তেতিয়াই ক’ভিড মহামাৰীৰ বিৰুদ্ধে আমি বিজয় সাব্যস্ত কৰিব পাৰিম। অনু্ষ্ঠানত ভাষণ প্ৰদান কৰি গৃহমন্ত্ৰী শ্বাহে কয়, ‘বিশ্বৰ সকলো দেশৰে অৰ্থনীতি কৰ’না ভাইৰাছৰ বাবে প্ৰভাৱিত হৈছে। কিন্তু সমগ্ৰ বিশ্বই ভাৰতৰ অৰ্থনীতিৰ ভি শ্বেপড ৰিক’ভাৰী দেখি বিস্মিত হৈছে আৰু ইয়াক লক্ষ্য কৰি আছে।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?