--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : যুদ্ধ-বিৰতি ভংগ কৰি ইজৰাইলে গাজাত আক্রমণ চলোৱাৰ ৭২ ঘণ্টাৰ ভিতৰত প্ৰায় ৬০০ পেলেষ্টাইনী লোকক হত্যা কৰিছে। গাজা মিডিয়া অফিচে সদৰী কৰা অনুসৰি, ইজৰাইলে ইয়াৰ বিমান আক্ৰমণ আৰু স্থল আক্ৰমণ গাজাত বৃদ্ধি কৰি থকাৰ ফলত মৃতকৰ সংখ্যা বাঢ়িয়েই আছে। গাজাৰ দক্ষিণৰ চহৰ ৰাফাত ইজৰাইলী সেনাই স্থল আক্রমণ বৃদ্ধি কৰিছে। 

তদুপৰি, পেলেষ্টাইনৰ উত্তৰত থকা বেইট লাহিয়া চহৰতো ইজৰাইলে আক্ৰমণৰ সূচনা কৰিছে। বিগত ১৮ মার্চত ইজৰাইলে গাজাত স্থল আক্ৰমণ আৰম্ভ কৰিছিল। ইফালে, ইজৰাইলৰ তৰফৰ পৰা হামাছক সম্পূৰ্ণৰূপে নির্মূল কৰাৰ হুংকাৰ দিয়া হৈছে। 

শেহতীয়া স্থল আক্ৰমণত ইজৰাইলে গাজাত ২০০ শিশুসহ প্রায় ৬০০ লোকক হত্যা কৰিছে। আনহাতে, টেল আভিভৰ পৰা পোৱা বাতৰি অনুসৰি, হামাছে ইজৰাইলৰ আক্ৰমণৰ প্ৰতিশোধ কল্পে টেল আভিভলৈ তিনিটা ৰকেট নিক্ষেপ কৰি আক্ৰমণৰ সূচনা কৰে। ইজৰাইলে ইয়াৰ দুটা ৰকেটৰ আক্ৰমণ প্রতিহত কৰিছে আৰু এটা ৰকেট পৰিত্যক্ত অঞ্চলত পেলাইছে বুলি সদৰী কৰিছে ৷

উৎসঃ দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?