--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৯০ দশকৰ বিহাৰৰ অপহৰণ কাণ্ডসমূহত জড়িত আছিল লালু প্ৰসাদ যাদৱ। এই ভয়ংকৰ অভিযোগ আৰ জে ডিৰ সভাপতি লালু প্ৰসাদ যাদৱৰ খুলশালী তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ সুভাষ যাদৱৰ সুভাষ যাদৱে কয় যে বিহাৰত লালুৰ শাসনৰ সময়ছোৱাত ধন দাবীৰ বাবে অপহৰণত জড়িত দলৰ সৈতে আৰ জে ডিৰ মুৰব্বীজনৰ সম্পৰ্ক আছিল। লালুৰ পত্নী ৰাবৰী দেৱীৰ কনিষ্ঠ ভাতৃ সুভাষ যাদৱে বিহাৰৰ বিভিন্ন সংবাদ মাধ্যমৰ আগত এই অভিযোগ কৰে। 

বৰ্তমান সময়ত আৰ জে ডিৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰা এসময়ৰ লালুৰ ঘনিষ্ঠ সহযোগী সুভাষ যাদৱে অভিযোগ কৰে যে সেই সময়ত বিহাৰত সংঘটিত হোৱা অপহৰণকাণ্ডৰ বাবে তেওঁকহে অভিযুক্ত কৰা হৈছিল। সুভাষে দাবী কৰে যে ৯০ৰ দশকত বিহাৰত যি অপহৰণ কাণ্ড চলিছিল সেইসমূহৰ প্ৰধান কেন্দ্র আছিল লালু যাদৱৰ বাসগৃহ। 

লালুৰ বিৰুদ্ধে যেনেকৈ পশুখাদ্য কেলেংকাৰীৰ প্ৰমাণ পাই তেওঁক জে'ললৈ প্ৰেৰণ কৰা হৈছিল, তেনেকৈ সুভাষৰ বিৰুদ্ধেও যদি কিবা অভিযোগ প্রমাণিত হৈছিল, তেনেহ'লে তেওঁক কিয় জে'ললৈ প্ৰেৰণ কৰা নহ'ল বুলি সুভাষে প্রশ্ন কৰে। আনহাতে, ৰাবৰীৰ সৈতে একপ্ৰকাৰ সম্পৰ্ক ছেদ কৰা আন এগৰাকী ভাতৃ সাধু যাদৱে সুভাষ যাদৱৰ এই অভিযোগ ভিত্তিহীন বুলি কয়। কোনো বিশেষ ৰাজনৈতিক দলৰে প্ৰৰোচিত হৈ সুভাষে এই অভিযোগ উত্থাপন কৰিছে। সেই সময়ত বিহাৰত সংঘটিত হোৱা সকলো অপৰাধমূলক কার্যত সুভাষ জড়িত বুলি সাধুৱে ওলোটাই অভিযোগ কৰে। উল্লেখযোগ্য যে ৰাবৰী দেৱীৰ এই দুই ভাতৃক বিহাৰৰ এন ডি এ চৰকাৰখনে বিভিন্ন গোচৰত প্ৰায়ে অভিযুক্ত কৰি আহিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?