--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এসময়ত বলীউডৰ জনপ্ৰিয় যুটি আছিল ছলমান খান আৰু ঐশ্বৰ্য ৰায়ৰ। ৯০ৰ দশকত দুয়োৰে প্ৰেম কাহিনীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। অনুৰাগীসকলে আশা কৰিছিল যে দুয়োৰে বিয়া সোনকালে হ’ব কিন্তু হঠাতে তেওঁলোকৰ সম্পৰ্কত ধৰিলে ঘূণে  ৷ কিছুদিনৰ আগতে এটা সাক্ষাৎকাৰত আৰবাজ খানে ছলমান আৰু ঐশ্বৰ্যৰ বিয়া নোহোৱাৰ আঁৰৰ কাৰণটো কৈছিল।

ঐশ্বৰ্য ৰায় তেওঁৰ সৌন্দৰ্য্যৰ বাবে বিখ্যাত। তেওঁ এগৰাকী সফল মডেল আছিল আৰু অতি সোনকালেই বলীউডতো নিজৰ স্থান দখল কৰিছিল। ঐশ্বৰ্য আৰু ছলমানে একেলগে হম দিল দে চুকে ছানামত কাম কৰিছিল আৰু ইয়াৰ পৰাই আৰম্ভ হৈছিল তেওঁলোকৰ প্ৰেম কাহিনী।

ছলমান খান ঐশ্বৰ্য ৰায়ৰ প্ৰেমত উন্মাদ হৈ পৰিছিল। ভাইজানে ঐশ্বৰ্যৰ লগত ওৰে জীৱন সংগী হোৱাৰ সপোন দেখিছিল৷ কিন্তু ঐশ্বৰ্য ৰায়ে নিজৰ কেৰিয়াৰত গুৰুত্ব দিয়াটো বিচাৰিছিল আৰু বিয়াৰ বাবে প্ৰস্তুত নাছিল। ইয়াৰ বাবেই তেওঁলোকৰ সম্পৰ্কৰ অৱনতি ঘটিবলৈ ধৰিলে কাৰণ ছলমানে তেওঁলোকৰ সম্পৰ্কক আগুৱাই নিব বিচাৰিছিল।

এইটোৱেই আছিল আচল কাৰণ 

বলীউড লাইফৰ প্ৰতিবেদন অনুসৰি আৰবাজ খানে কৈছিল যে ঐশ্বৰ্য ৰায়ৰ দ্বিধাবোধ ছলমানৰ আচৰণত দেখা পোৱা গৈছিল । তেওঁৰ স্বভাৱ অতি উগ্ৰ হৈ পৰিছিল আৰু খংটো নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছিল। খবৰ অনুসৰি ঐশ্বৰ্যই শ্বুটিং কৰি থকা এখন ছবিৰ চেটতো ছলমান খানে হুলস্থুলৰ সৃষ্টি কৰিছিল। ইয়াৰ পিছত তেওঁক প্ৰজেক্টটোৰ পৰা আঁতৰাই দিয়া হয়।

খবৰ অনুসৰি ঐশ্বৰ্য ৰায়ৰ পিতৃয়ে ছলমান খানৰ সৈতে থকা সম্পৰ্কক সমৰ্থন কৰা নাছিল। ছলমানৰ ব্যক্তিত্ব ভাল পোৱা নাছিল ৷ ঐশ্বৰ্যৰ পিতৃয়ে কন্যাৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছিল আৰু ছলমানক তেওঁৰ বাবে উপযুক্ত সংগী বুলি গণ্য কৰা নাছিল।

খবৰ অনুসৰি, ঐশ্বৰ্যই ছলমানৰ পৰিয়ালৰ সৈতে বহু সময় কটাইছিল কিন্তু ছলমানৰ সৈতে বিয়া হ’বলৈহে সাজু নাছিল। যাৰ বাবে দুয়োজনৰ মাজত সদায় বিবাদ সৃষ্টি হ’বলৈ ধৰিলে ৷ শেষত তেওঁলোকৰ সম্পৰ্কটো অতি বেয়া স্তৰত ভাঙি থাকিল ।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?