গুৱাহাটী: চাহ খাই বেয়া পোৱা মানুহ খুব কমেই ওলাব। চাহে ব্যক্তিৰ মনৰ পৰা এলাহ ভাব দূৰ কৰে। লগতে চাহৰ আছে বহুতো স্বাস্থ্য সম্পৰ্কীয় গুণাগুণ, যিয়ে শৰীৰটোক বিভিন্ন ধৰণে সহায় কৰে। আজিকালি বজাৰত বিভিন্ন সুস্বাদুৰ চাহ পোৱা যায়। কিন্তু অতীতৰেপৰা চলি অহা আদা দিয়া চাহকাপে যেন লালচাহ আৰু গাখীৰ চাহক এক অন্য মাত্ৰা প্ৰদান কৰিছে। আৰু আদা দিয়া চাহকাপে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে।
আদা দিয়া চাহৰ গুণাগুণ বহু আছে। এই চাহকাপে বহু বেমাৰৰ প্ৰতিৰোধক হিচাপে কাম কৰে। তাৰ ভিতৰত-
১) আদা দিয়া চাহে খাদ্যৰ হজমৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বমি ভাব নাইকীয়া কৰে। পাচন তন্ত্ৰ শক্তিশালী কৰাৰ ক্ষেত্ৰত এই চাহকাপে ঔষধৰ দৰে কাম কৰে।
২) আদা দিয়া চাহে তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে। আনহাতে ই চৰ্বি গলোৱাটো সহায় কৰে, যাৰ ফলত ওজন বৃদ্ধি নহয়।
৩) আদাত প্ৰচুৰ পৰিমাণে এণ্টি-অক্সিডেণ্ট পোৱা যায়, যিয়ে টিউমাৰ কোষবোৰক প্ৰভাৱিত কৰে। কেন্সাৰ প্ৰতিৰোধৰ ক্ষেত্ৰত যথেষ্ট সহায়কাৰী হয় এই আদা দিয়া চাহ।
৪) এটি গৱেষণাৰ মতে প্ৰতিদিনে আদা দিয়া চাহ খোৱা মানুহে উচ্চ ৰক্তচাপৰ সমস্যাৰ পৰা বাচি থাকে।
আজিকালি প্ৰায়ভাগ লোকেই মাইগ্ৰেণৰ সমস্যাত ভোগে। নিয়মিত আদা দিয়া চাহ খালে মূৰৰ বিষ আৰু মাইগ্ৰেণৰ সমস্যাৰ পৰা অলপ হ’লেও সকাহ পাব পাৰি।