--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

লণ্ডন : ভাইজান ছলমান খান অভিনীত বহুচৰ্চিত ছবি ‘ৰাধে : ইঅ’ৰ মোষ্ট ৱাণ্টেড ভাই’ৰ ট্ৰেইলাৰ মুকলিৰ পাছতে ব্যাপক চৰ্চা চলিছে। ছবিখনৰ ট্ৰেইলাৰক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়া দেখা পোৱা হৈছে অনুৰাগীসকলৰ মাজত। বহুতে ‘ৰাধে’ত তাৰকাগৰাকীৰ পূ্ৰ্বৰ জনপ্ৰিয় ছবি ‘ৱাণ্টেড’ আৰু ‘দাবাং’ৰ প্ৰতিচ্ছবি দেখা পাইছে।

আৰু পঢ়িব পাৰিব: ৰেড জ’ন ভাৰত! ছীডনীলৈ হ্ৰাস হ’ব বিমান সেৱা

‘ৰাধে’ ছবিতো তাৰকাগৰাকীয়ে এগৰাকী দুৰ্দান্ত আৰক্ষী বিষয়াৰ চৰিত্ৰত অভিনয় কৰিছে। এনকাউণ্টাৰ স্পেচিয়েলিষ্ট হিচাপেই যাৰ পৰিচয়। ছবিখনত ছলমানৰ চিৰপৰিচিত ‘দাবাং’ ৰূপৰ লগতে সমানে চৰ্চা লাভ কৰিছে দিশা পটানিৰ সৈতে তেওঁৰ যুটিয়ে। ছবিখনৰ ট্ৰেইলাৰৰ এটা অংশত ছলমানে নায়িকাক চুম্বন কৰাৰ ছয়াময়া দৃশ্যই সবাতোকৈ অধিক চৰ্চা লাভ কৰিছে। চৰ্চা হৈছে পৰ্দাত ছলমানৰ ‘ন’ কিছ পলিচী’ এই দৃশ্য সন্নিৱিষ্ট কৰাৰ লগে লগে ভংগ হোৱা বুলিও প্ৰবল চৰ্চা চলিছে।

আৰু পঢ়িব পাৰিব: আইপিএলৰ পৰা বাহিৰ হ’ল এগৰাকী তাৰকা খেলুৱৈ…

ছবিখনৰ প্ৰতি অনুৰাগীৰ উৎকণ্ঠা এই দৃশ্যই যে অধিক বৃদ্ধি কৰি তুলিলে সেয়া নিশ্চিত। প্ৰভু দেবাৰ পৰিচালনাৰে ১৩ মে’ত মুক্তি পাবলগীয়া ছবিখনৰ মুক্তিৰ দিনটোলৈ এতিয়া অধীৰ অপেক্ষা কৰিছে ছলমানৰ অনুৰাগীসকলে। ছলমানৰ লগতে এই ছবিৰ কেইটামান গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ৰণদ্বীপ হুডা, জেকী শ্ৰফ আদিৰ দৰে তাৰকায়ো।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?