--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এডভাণ্টেজ আছাম ২.০ৰ আজিৰ অনুষ্ঠানত দেশ-বিদেশৰ বহুসংখ্যক বিনিয়োগকাৰী প্ৰতিষ্ঠানৰ সৈতে অসম চৰকাৰে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰাৰ সমান্তৰালভাৱে অসমৰো বহুকেইটা প্রতিষ্ঠানৰ সৈতে বুজাবুজিৰ চুক্তি সম্পন্ন কৰে। অন্য প্ৰতিষ্ঠানৰ লগতে ৰাজ্যৰ এছ এন গ্রুপ অব্ কম্পেনীজৰ সৈতেও ৰাজ্য চৰকাৰৰ ৪৮৫ কোটি টকা বিনিয়োগৰ এক চুক্তি সম্পন্ন হয়। 

স্বাস্থ্যখণ্ডত ৩৮০ কোটি আৰু পৰ্যটন ক্ষেত্ৰৰ হোটেল ব্যৱসায়ত ১০৫ কোটি টকা বিনিয়োগ কৰিব SN Group of Companiesয়ে।  স্বাক্ষৰ কৰিলে স্বত্বাধিকাৰী ড° সঞ্জীৱ নাৰায়ণে।

স্বাস্থ্য খণ্ডৰ এই চুক্তি অনুসৰি ৰাজ্যৰ দুটা স্থানত এছ এন গ্রুপে দুখন চিকিৎসালয় স্থাপন কৰিব। গুৱাহাটী আৰু যোৰহাটত এই বৃহৎ ধন বিনিয়োগ কৰি চিকিৎসালয় দুখন স্থাপন কৰাৰ বাবে চৰকাৰৰ সৈতে এছ এন গ্ৰুপৰ স্বত্বাধিকাৰী ড° সঞ্জীৱ নাৰায়ণে আজি চুক্তিত স্বাক্ষৰ কৰে। চুক্তিত স্বাক্ষৰৰ পাছতে ড° নাৰায়ণে প্রকাশ কৰে যে গুৱাহাটীৰ উলুবাৰীত অসম হস্পিটেলৰ নামত আৰু যোৰহাটৰ কাৰাগাৰৰ কাষত নেমকেয়াৰ হস্পিটেলৰ অধীনত নিৰ্মাণ কৰা হ'ব। ইতিমধ্যে দুয়োটা প্ৰকল্পৰ কাম আৰম্ভ কৰা হৈছে আৰু অহা দুবছৰৰ ভিতৰত দুয়োখন চিকিৎসালয়ৰ নিৰ্মাণ সম্পূৰ্ণ হ'ব বুলিও তেওঁ ঘোষণা কৰে। আনহাতে এইবাৰৰ বিনিয়োগ সন্মিলনৰ পাছত অসমৰ অর্থনীতিয়ে ডাবল ইঞ্জিন নহয়, চাৰিটামান ইঞ্জিনৰ গতি লাভ কৰিব বুলি তেওঁ আশা প্রকাশ কৰে। 

সন্মিলনৰ প্ৰথম দিনটো অসমৰ বাবে আশাৰ বতৰা হৈ পৰা বুলি প্ৰকাশ কৰি ড° নাৰায়ণে কয় যে এইবাৰ যিসকল বিনিয়োগকাৰী অসমলৈ আহিছে আৰু প্ৰথমদিনাই যিবোৰ বিনিয়োগৰ কথা ঘোষণা কৰিছে, সেইবোৰে অসমৰ অৰ্থনীতিৰ গতি বহু পৰিমাণে বৃদ্ধি কৰিব। অসমত বিনিয়োগ বৃদ্ধি হোৱা মানেই কর্মসংস্থাপনো বৃদ্ধি পাব বুলি তেওঁ আশা প্রকাশ কৰে। এতিয়া অসমৰ নিবনুৱাই বহিঃৰাজ্যলৈ চাকৰি বিচাৰি যাবলগীয়া হোৱা পৰিস্থিতি খুব সোনকালে শেষ হ'ব বুলি আশা প্রকাশ কৰি অসমৰ নিবনুৱাই অসমতে সংস্থাপন পোৱাৰ পথ মুকলি হ'ব বুলি তেওঁ আশা কৰে। অসমত পৰিৱেশ উন্নত হোৱা বুলিও উল্লেখ কৰি পৰিৱেশ-পৰিস্থিতি উন্নত হোৱা বাবে বিনিয়োগকাৰীসকল আগবাঢ়ি অহা বুলিও কয়। 

অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ কৰ্মদক্ষতাই ৰাজ্যৰ উন্নয়নত অধিক গতি প্ৰদান কৰা বুলিও তেওঁ কয়। আনহাতে আজি যিবোৰ বুজাবুজি চুক্তি সম্পন্ন হৈছে, তাৰ পৰৱৰ্তী পৰ্যায়ত চৰকাৰী বিষয়া-আমোলাই সময়মতে আৰু পৰিপাটিকৈ কামখিনি কৰিলে প্রকল্পবোৰ সোনকালে কাৰ্যকৰী হ'ব বুলি তেওঁ আশা প্রকাশ কৰে। বাহিৰৰ বিনিয়োগকাৰীসকলক কাম কৰাৰ পৰিৱেশ ভালদৰে দিব লাগিব বুলিও তেওঁ প্রকাশ কৰে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?