--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যোৱা ৭ ছেপ্টেম্বৰৰ পৰা কংগ্ৰেছে আৰম্ভ কৰা ‘ভাৰত জোড়ো যাত্ৰা’ৰ সময়ত কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীয়ে পৰিধান কৰা এটা ব্যয়বহুল টি-চাৰ্টক কেন্দ্ৰ কৰি শাসনাধিষ্ঠ বিজেপি দল নামি পৰিছে গান্ধীৰ উপহাসত। গান্ধীৰ এখন ফটোৰ সৈতে টি-চাৰ্টৰ দাম সংলগ্ন এখন ফটো শ্বেয়াৰ কৰি ৰাহুল গান্ধীক আক্ৰমণ কৰিছে বিজেপিয়ে। বিজেপিৰ এই কটাক্ষক পৰিৱৰ্তে কংগ্ৰেছেও সমুখলৈ আনিছে প্ৰধানমন্ত্ৰী মোদীয়ে পৰিধান কৰা ১০ লাখ টকীয়া চ্যুটৰ প্ৰসঙ্গ। এই কাপোৰ বিতৰ্কৰ মাজতে কংগ্ৰেছ নেতাগৰাকীৰ সমৰ্থনত মন্তব্য আগবঢ়াইছে তৃণমূল নেত্ৰী মহুৱা মৈত্ৰই। 

বিগত সময়চোৱাত ধাৰাবাহিকভাৱে বিজেপিক তূলাধূনা দি অহা তৃণমূল সাংসদগৰাকীয়ে কাপোৰ বিতৰ্ক প্ৰসঙ্গতো প্ৰথম দিনাৰ পৰাই বিজেপিক আক্ৰমণ কৰি আহিছে। শনিবাৰে মহুয়াই ৰাহুল গান্ধীৰ সমৰ্থনত বিজেপি আৰু আৰ এছ এছক লক্ষ্য কৰি কেইবাটাও টুইট কৰিছিল। এক টুইটযোগে বিজেপিক সকীয়নি দি মৈত্ৰই শনিবাৰে কয়, "মই বিজেপিক সীমা অতিক্ৰম নকৰিবলৈ পৰামৰ্শ দিছো। কাৰোবাৰ ব্যক্তিগত কাপোৰ বা আন কোনো বিষয়ত মন্তব্য নকৰিব।” 

যদি বিজেপি সাংসদসকলে ব্যৱহাৰ কৰা ঘড়ী, কলম, আঙুঠি, কাপোৰৰ বিষয়ে প্ৰশ্ন উত্থাপন হয়, বিজেপিয়ে তেতিয়া হাত হাৰিব নোৱাৰিব বুলিও বিজেপিক সাৱধানবাণী শুনায় মৈত্ৰই। আন এক টুইটত সাংসদগৰাকীয়ে আৰ এছ এছকো কটাক্ষ কৰে। টুইটটোত মহুৱা মৈত্ৰই কয়, "বেগ বা টি-চাৰ্টৰ কথা পাহৰি যাওক। ভাৰতীয়সকলে এতিয়া খাকী হাফপেণ্টৰ মূল্য পৰিশোধ কৰাতে ব্যস্ত থাকিবলগীয়া হৈছে।” 

উল্লেখ্য যে কিছুদিন পূৰ্বে মহুৱা মৈত্ৰই ব্যৱহাৰ কৰা এটা দামী বেগক লক্ষ্য কৰি বিজেপিৰ কেইবাগৰাকীও নেতাই তৃণমূল সাংসদ গৰাকীক উপহাস কৰিছিল। সেই সময়তো মৈত্ৰই বিজেপিৰ এই বিতৰ্কক প্ৰত্যাহ্বান জনাই কঠোৰ আক্ৰমণ কৰিছিল।

মৈত্ৰই লগতে কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ দিল্লীৰ ঘাইপথৰ নাম সলনি কৰা কাৰ্যকো সমালোচনা কৰে। শেহতীয়াকৈ কেন্দ্ৰই ঘাইপথটোৰ নাম সলনি কৰি 'কৰ্তব্যপথ' হিচাপে নতুনকৈ নামাকৰণ কৰিছিল। এই সিদ্ধান্তৰ পিছতে ৬ ছেপ্টেম্বৰত মহুয়াই এক টুইট যোগে বিজেপি চৰকাৰক কটাক্ষ কৰি নতুন প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ নাম সলনি কৰি ‘কিংকৰ্তব্যবিমূঢ় মঠ’ ৰাখিবলৈ পৰামৰ্শ আগবঢ়াইছিল।









FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?