--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

নতুন দিল্লী : পুনৰ বিতৰ্কৰ আৱৰ্তলৈ আহিছে ভাৰত-ফ্ৰান্সৰ ৰাফেল যুদ্ধবিমান চুক্তি। এই চুক্তিৰ নামত বৃহৎ কেলেংকাৰি হোৱা বুলি বিভিন্ন সময়ত বিৰোধী দলে অভিযোগ কৰি আহিছিল। এইবাৰ ফ্ৰান্সৰে এটা সংবাদ মাধ্যমত প্ৰকাশ পাইছে এই সম্পৰ্কীয় বিস্ফোৰক তথ্য। ভাৰত-ফ্ৰান্সৰ মাজত ৩৬খন ৰাফেল বিমানৰ বাবে চুক্তি সম্পন্ন হোৱাৰ পাছত ৰাফেল নিৰ্মাণকাৰী সংস্থা ডছাল্টে এজন মধ্যভোগীক দিছিল বৃহৎ পৰিমাণৰ ধন।

আৰু পঢ়িব পাৰিব : চত্তিছগড়ৰ মাওবাদী কাণ্ড : চোৰাংচোৱাৰ ভুল নে অভিযানৰ দুৰ্বলতা?

‘মিডিয়াপাৰ্ট’ নামৰ ফৰাচী সংবাদপত্ৰত প্ৰকাশ পোৱা মতে কোম্পানীটোৱে চুক্তি সম্পন্ন হোৱাৰ পাছতে ভাৰতৰ এজন মধ্যভোগীক ১নিযুত ইউৰো আদায় দিছিল। এই প্ৰতিবেদনখনৰ জৰিয়তে এই দুৰ্নীতিৰ তদন্ত কৰাৰো দাবী জনোৱা হৈছে। মধ্যভোগীজন আন এক সামৰিক চুক্তিত ভাৰতলৈ ধনৰ অবৈধ সৰবৰাহত অভিযুক্ত বুলিও প্ৰতিবেদনখনত অভিযোগ অনা হৈছে।

আৰু পঢ়িব পাৰিব : দেশত এদিনতে আক্ৰান্ত ১ লক্ষাধিক, বলীউডতো কৰ’নাৰ আগ্ৰাসন

কোম্পানীটোৱে এই ধন ভাৰতত ৫০খন ৰাফেলৰ অনুকৃতি নিৰ্মাণৰ বাবে নিৰ্মাণকাৰী কোম্পানীক আদায় দিয়া বুলি দাবী কৰি আহিছে যদিও এই অনুকৃতিসমূহ নিৰ্মাণ কৰাৰ কোনো প্ৰমাণ নাই বুলি মিডিয়াপাৰ্টে দাবী কৰিছে। ভাৰতে চুক্তি অনুসৰি ভালেকেইখন ৰাফেল লাভ কৰিছে যদিও এতিয়াও ৰাফেল চুক্তিৰ ধনৰ লেনদেন সম্পৰ্কীয় অস্বচ্ছতা অব্যাহত থকাটো স্পষ্ট হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?