--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

কাবুল : আফগানিস্তানৰ পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে। তালিবান সন্ত্ৰাসবাদীৰ আগ্ৰাসন বৃদ্ধি পোৱাৰ পাছত দেশখনত হিংসা বৃদ্ধি পাইছে ব্যাপক ৰূপত। আফগান চৰকাৰৰ নেতাৰ বিৰুদ্ধে এইবাৰ অধিক আক্ৰমণ সংঘটিত কৰাৰ হুংকাৰ দিছে তালিবান সন্ত্ৰাসবাদীয়ে। আফগানিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলাই প্ৰবল ৰক্তক্ষয়ৰ ইংগিত দিছে তালিবানে।

তালিবানৰ এক ভয়ংকৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণৰক্ষা কৰাৰ এদিনৰ পাছতে এই সতৰ্কবাণী জাৰি কৰিছে তালিবানে। বুধবাৰে এই সতৰ্কবাণী জাৰি কৰে তালিবানে। মাৰ্কিন সেনাই দেশখনত অভিযান সামৰাৰ পাছতে এতিয়া তালিবানে দেশখনত নিজৰ নিয়ন্ত্ৰণ সাব্যস্ত কৰিবলৈ প্ৰবল চেষ্টা চলাইছে। দেশখনৰ বিভিন্ন ঠাইত আফগান সামৰিক বাহিনী আৰু তালিবানৰ মাজত যুদ্ধ চলি থকাৰ সময়তে মঙলবাৰে দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰী বিছমিল্লাহ মোহম্মদীৰ ওপৰত বোমা আক্ৰমণ চলোৱাৰ লগতে প্ৰৱল গুলীবৰ্ষণ কৰে তালিবানে।

ইয়াৰ পাছতে তালিবান সন্ত্ৰাসবাদীয়ে এক বিজ্ঞপ্তি জাৰি কৰিছে ইয়াক চৰকাৰৰ বিৰুদ্ধে তীব্ৰ অভিযানৰ আৰম্ভণিহে বুলি অভিহিত কৰে। দেশখনৰ বিভিন্ন প্ৰান্তত বোমা বৰ্ষণেৰে আক্ৰমণ চলাবলৈ নিৰ্দেশ দিয়া চৰকাৰৰ প্ৰতিনিধিৰ বিৰুদ্ধে প্ৰতিশোধ ল’বলৈ আৰু অধিক অনুৰূপ আক্ৰমণ চলোৱাৰ হুংকাৰ দিছে মৌলবাদী সন্ত্ৰাসবাদী সংগঠনটোৱে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?