--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইংলেণ্ডে চেম্পিয়নছ ট্ৰফীৰ গ্ৰুপ-বিৰ এখন মেচত আফগানিস্তানৰ হাতত ১৩ ৰানত পৰাজিত হৈ প্রতিযোগিতাৰ পৰা বাহিৰ হয়। ইংলেণ্ড প্রথমখন মেচত অষ্ট্ৰেলিয়াৰ হাতত পৰাজিত হৈছিল। আফগানিস্তানে প্রথমে বেটিং কৰি ইংলেণ্ডৰ সন্মুখত জয়ৰ বাবে ৩২৬ ৰানৰ লক্ষ্য বান্ধি দিয়ে। জ' ৰুটৰ ১১১টা বলত ১২০ ৰান সত্ত্বেও দলটো জয়ৰ লক্ষ্যত উপনীত হ'ব নোৱাৰিলে আৰু সকলো উইকেট হেৰুৱাই ৩১৭ ৰানহে গোটায়। 

ইয়াৰ আগতে মেচখনত আফগানিস্তানৰ বেটাৰ ইব্রাহিম জাড্ৰানে এক অভিলেখ গঢ়ে। মেচখনত আফগানিস্তানে প্রথমে বেটিং কৰে আৰু মাত্র ৩৭ ৰানতে তিনিটা উইকেট হেৰুৱাই সংকটত পৰে। সেই সময়তে অ'পেনাৰ জাড্রানে ইংলেণ্ডৰ বলাৰসকলক সাৱলীলভাৱে খেলি যাবলৈ লয়। তেওঁ ১৪৬টা বলত ১২টা চাৰি আৰু ৬টা ছয়েৰে কৰা ১৭৭ ৰান হ'ল চেম্পিয়নছ ট্ৰফীত ব্যক্তিগত সর্বাধিক ৰান। তেওঁৰ এই বিস্ফোৰক ইনিংছটোৰ সহায়ত প্রথমে বেটিং কৰা আফগানিস্তানে ৭ উইকেট হেৰুৱাই ৩২৫ ৰান কৰে। 

উল্লেখযোগ্য যে মাত্র পাঁচ দিনৰ আগতে অর্থাৎ যোৱা ২২ ফেব্ৰুৱাৰীত ইংলেণ্ডৰ বেন ডাকেটে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৬৫ ৰান কৰি চেম্পিয়নছ ট্রফীত ব্যক্তিগত সর্বাধিক ৰানৰ অভিলেখ গঢ়িছিল। আজি জাড্রানে তেওঁৰ এই অভিলেখ ভংগ কৰে। উল্লেখযোগ্য যে চেম্পিয়নছ ট্ৰফীত চেঞ্চুৰী কৰা তেওঁ আফগানিস্তানৰ প্ৰথমজন খেলুৱৈ। মেচখনত তেওঁৰ উপৰি অধিনায়ক হছমাতুল্লা শ্বাহিদী আৰু মহম্মদ নবিয়ে ৪০ ৰানকৈ তথা আজমাতুল্লা ওমৰজায়ে ৪১ ৰানৰ বৰঙনি আগবঢ়ায়।

উৎসঃ দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?