--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

কাবুলঃ ইণ্ডো-তিব্বত সীমান্ত আৰক্ষীৰ দুজন মহিলা কনিষ্টবলে দিল্লী উচ্চ ন্যায়ালয়ৰ বিৰুদ্ধে আফগানিস্তানলৈ স্থানান্তৰ বিচাৰি আবেদন কৰিছে। কিন্তু আদালতে গোচৰটো খাৰিজ কৰিছে। দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰাজীৱ সহায় আৰু ন্যায়াধীশ অমিত বনচালে এনেধৰণৰ গোচৰৰ আবেদনত আচৰ্য প্ৰকাশ কৰিছে।


গোচৰটো খাৰিজ কৰি আদালতে সদৰী কৰিছে যে, ‘সশস্ত্ৰ বাহিনীৰ সদস্য হিচাপে যিকোনো স্থানতে ইণ্ডো-টিবেটান সীমান্ত আৰক্ষীৰ (আইটিবিপি) সদস্যসকলক নিয়োগ কৰিব পাৰি। কিন্তু প্ৰয়োজন অনুসৰিহে এই স্থানান্তৰকৰণৰ ব্যৱস্থা হাতত লোৱা হয়। তেওঁলোকৰ আফগানিস্তানত বিশেষভাৱে নিযুক্তি বিচৰাৰ কোনো অধিকাৰ নাই। কিন্তু আমি আচৰিত যে তেওঁলোকে নিজেই এই ভয়ানক পৰিস্থিতিত আফগানিস্তানত নিয়োজিত হোৱাৰ বাবে আবেদন কৰিছে।’


ইফালে, আবেদনকাৰী কনিষ্টবল দুজনৰ দাবী, তেওঁলোকক বিগত বৰ্ষৰ আগষ্টত দুবছৰৰ বাবে কাবুলৰ দূতাবাসত নিযুক্তি দিয়া হৈছিল। কিন্তু তেওঁলোকক চলিত বৰ্ষৰ জুন মাহত আকৌ এবাৰ ভাৰতলৈ স্থানান্তৰ কৰা হৈছিল। কাবুলত দুবছৰ থকাটো তেওঁলোকৰ অধিকাৰৰ ভিতৰত পৰে বুলি প্ৰবল যুক্তি প্ৰকাশ কৰিছে দুয়োগৰাকী কনিষ্টবলে। জানিবলৈ পোৱা মতে, ইণ্ডো-টিবেটান সীমান্ত আৰক্ষীয়ে (আইটিবিপি) সেই সময়ত কাবুলত ৩গৰাকী মহিলা কনিষ্টবল মোতায়েন কৰা হৈছিল। আদালতে তেতিয়া কৈছিল যে কনিষ্টবলসকলে তেওঁলোকক ক'ত নিয়োজিত কৰা হ’ব সেইটো নিজৰ পৰা বাছনি কৰিব নোৱাৰে। উল্লেখ্য যে ১৫ আগষ্টৰ পৰা আইটিবিপিৰ ৯৯ জন সদস্য আৰু দুটা স্নিফাৰ কুকুৰ আফগানিস্তানৰ পৰা ভাৰতলৈ ঘূৰাই অনা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?