--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

নতুন দিল্লী : আফগানিস্তানত পুনৰ তালিবানী ত্ৰাস আৰম্ভ হৈছে। দেশখনৰ পৰা প্ৰায় কুৰি বছৰজোৰা মাৰ্কিন সামৰিক অভিযান প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰাৰ পাছতে তালিবানী সন্ত্ৰাসবাদীয়ে পুনৰ আধিপত্য বিস্তাৰ কৰিবলৈ আৰম্ভ কৰিছে। মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনে ৩১ আগষ্টত দেশখনৰ পৰা সামৰিক বাহিনী সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছিল। তাৰ পাছতে সক্ৰিয় হৈ পৰে মৌলবাদী সন্ত্ৰাসবাদী। এই সপ্তাহৰ মাজভাগত তালিবানে সংবাদ মাধ্যমৰ আগত সদৰি কৰিছিল যে, দেশখনৰ ৮৫শতাশ পুনৰ দখল কৰাৰ কথা ঘোষণা কৰিছিল।

দেশখনৰ ৩৯৮খন জিলাৰ ভিতৰত ২৫০খনতে আধিপত্য বিস্তাৰৰ দাবী কৰিছিল তালিবানে। বিশেষকৈ সীমান্তৱৰ্তী অঞ্চলবোৰত তালিবানী আধিপত্য অধিক তীব্ৰ হৈ পৰাৰ কথা সংবাদ মাধ্যমত প্ৰকাশ পাইছিল। এনে পৰিস্থিতিৰ মাজতে ভাৰতে দেশখনত কৰ্মৰত ৫০গৰাকীকৈ কূটনীতিক তথা আফগানিস্তানৰ কান্দাহাৰ দূতাবাসত কৰ্মৰত লোকক তাৰ পৰা দেশলৈ ঘূৰাই আনিছে।তালিবানে দেশখনত আধিপত্য বিস্তাৰৰ দাবী কৰাৰ পাছতে সম্ভাব্য বিপদৰ আশংকাতে এই পদক্ষেপ গ্ৰহণ কৰিছে ভাৰতে। অৱশ্যে এতিয়াই কাবুল বা কান্দাহাৰত থকা দূতাবাস বন্ধ কৰি দিয়া হোৱা নাই যদিও পৰিস্থিতি অনুকূলে ব্যৱস্থা গ্ৰহণ কৰা হব। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়েও দেশখনৰ পৰিস্থিতি অতি গভীৰভাৱে নিৰীক্ষণ কৰি থকা বুলি প্ৰকাশ কৰিছে আৰু পৰিৱৰ্তিত পৰিস্থিতি অনুসৰি ব্যৱস্থা গ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰিছে। মন কৰিবলগীয়া যে, ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰে অলপতে ৰাছিয়াৰ বিদেশমন্ত্ৰীৰ সৈতে হোৱা কথা-বতৰাৰ সময়ত আফগানিস্তান, ইৰান আৰু ছিৰিয়াৰ পৰিস্থিতি সম্পৰ্কত আলোচনা কৰিছিল আৰু তাৰ পৰিস্থিতিক লৈ উদ্বেগ ব্যক্ত কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?