--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ৱাশ্বিংটনঃ ‘আফগানিস্তানত আমেৰিকান সেনা মোতায়েন কৰাটো আমেৰিকাৰ ইতিহাসত আটাইতকৈ ডাঙৰ ভুল’- বুলি মন্তব্য কৰিছে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ফ’ক্স নিউজৰ এক সাক্ষাৎকাৰত এই বিষয়ে সদৰী কৰিছে ট্ৰাম্পে। সাক্ষাৎকাৰটোত ট্ৰাম্পৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ পাইছে। তেওঁ সদৰী কৰে যে, ‘আমিৰ মধ্যপ্ৰাচ্যক ধ্বংস কৰিছো। ইয়াৰ বাবে আমাৰ কেইবা ট্ৰিলিয়ন ডলাৰ খৰচ হৈছে। লাখ লাখ মানুহে প্ৰাণ হেৰুৱাইছে। কিন্তু পৰিস্থিতিৰ কোনো পৰিৱৰ্তন হোৱা নাই। বৰঞ্চ, পৰিস্থিতি বেয়াৰ দিশেহে ঢাল খাইছে।’


আফগানিস্তানৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনকো সমালোচনাৰ লক্ষ্য কৰি লৈছিল ট্ৰাম্পে। জ’ বাইডেনে আমেৰিকান সেনা প্ৰত্যাহাৰৰ বিষয়টিক লৈ বিশেষ ব্যৱস্থা হাতত ল’ব পাৰিব লাগিছিল বুলি দাবী ট্ৰাম্পৰ। সম্প্ৰতি আফগানিস্তানৰ পৰা সেনা প্ৰত্যাহাৰক লৈ বাইডেন প্ৰশাসনৰ সিদ্ধান্তক গৰিহণা জনাই ট্ৰাম্পে বাইডেনক আন এজন ডেমক্ৰেটিক ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰৰ সৈতে তুলনা কৰিছে। জিম কাৰ্টাৰৰ দৰে আমেৰিকা যুক্তৰাষ্ট্ৰক অপমানিত কৰাৰ অভিযোগ ট্ৰাম্পৰ। ১৯৭৯ চনৰ ইৰাণ বিপ্লৱৰ সময়ত কাৰ্টাৰে আমেৰিকানসকলক এনেদৰে অপমানিত কৰিছিল। এইটো আমাৰ বাবে এক বেদনাদায়ক মুহূৰ্ত। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইতিহাসত পুনৰ কেতিয়াও এনে অপমানজনক ঘটনা সংঘটিত নোহোৱাৰ পোষকতা কৰিছে প্ৰাক্তন ৰাষ্ট্ৰপতিজনে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?