--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

কাবুল : আফগানিস্তানত তালিবানী সন্ত্ৰাস পুনৰ তুংগত উঠিছে। ব্যাপক হাৰত সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাই থকাৰ লগতে তালিবানে আন ধৰ্মৰ প্ৰতিও নিজৰ অসহিষ্ণু কাৰ্যকলাপ আৰম্ভ কৰিছে। শেহতীয়াকৈ তালিবানৰ ৰোষৰ বলি হৈছে আফগানিস্তানৰ শিখ সম্প্ৰদায়ৰ লোকসকল। যুদ্ধজৰ্জৰ দেশখনৰ পূব প্ৰান্তৰ পাক্তিয়া প্ৰদেশৰ এটা গুৰুদ্বাৰত থকা শিখ সকলৰ ধৰ্মধ্বজা ‘নিচান চাহিব’ তালিবানে আঁতৰাই পেলোৱা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

পাক্তিয়া প্ৰদেশৰ চামকানি এলেকাত থকা থালা চাহিব গুৰুদ্বাৰৰ ওপতৰ লাগি থকা ‘নিচান চাহিব’ আঁতৰাই পেলাইছে তালিবান সন্ত্ৰাসবাদীয়ে। ছ’চিয়েল মিডিয়াত ইয়াৰ আলোকচিত্ৰ প্ৰকাশেৰে পোনতে এই বিষয়টো পোহৰলৈ আনে একাংশ লোকে। এই ঐতিহাসিক গুৰুদ্বাৰটো এসময়ত শিখ ধৰ্মৰ প্ৰৱৰ্তক গুৰু নানকে ভ্ৰমণ কৰিছিল বুলি জনা যায়।

উল্লেখ্য যে, যোৱা বছৰ এই গুৰুদ্বাৰটোৰ পৰা হিন্দু আৰু শিখ ধৰ্মীয় নেতা নিদান সিং ছছদেৱাক অপহৰণ কৰিছিল তালিবানে। পাছত আফগান চৰকাৰ আৰু এই ধৰ্মীয় সমাজৰ নেতাসকলৰ হস্তক্ষেপত তেওঁক মুকলি কৰি দিছিল। তালিবানৰ বৰ্ধিত সন্ত্ৰাসে দেশখনৰ ধৰ্মীয় সংখ্যালঘু লোকসকলৰ প্ৰতি পুনৰ সংকট কঢ়িয়াই অনাৰ আশংকাৰ সৃষ্টি হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?