--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিজ্ঞানে মানুহৰ জীৱন যাত্ৰা অধিক সহজ আৰু আৰামদায়ক কৰি তুলিছে৷ প্ৰযুক্তিৰ উন্নতি হৈছে আৰু তাৰ সৈতে সংগতি ৰাখি মানুহেও প্ৰযুক্তিৰ সহায়ত নিজৰ বাবে প্পয়োজনীয় বহু কথাই জানিবলৈ সক্ষম হৈছে৷ বহু মহিলা-যুৱতী আছে যিসকলে ঋতুস্ৰাৱৰ তাৰিখ, সময় আদি পাহৰি যায়৷ ফলত বহু সময়ত তেওঁলোকে অসুবিধাৰো সন্মুখীন হ’বলগীয়া হয়৷ এনে অসুবিধা দূৰ কৰিবলৈ এতিয়া জনপ্ৰিয় মেচেজিং এপ হোৱাটছএপে মহিলা ব্যৱহাৰকাৰীসকলৰ বাবে এক অতি গুৰুত্বপূৰ্ণ সুবিধা সংযোগ কৰিবলৈ ওলাইছে।

পৰৱৰ্তী ঋতুস্ৰাৱ কেতিয়া হ’ব হোৱাটছএপেই  মনত পেলাই দিব।জানিব পৰা মতে হোৱাটছএপত  চিৰোনা নামৰ এটা নতুন চেটবট সংযোগ কৰা হৈছে। 

যিয়ে মহিলাসকলক ঋতুস্ৰাৱৰ সময়ৰ বিষয়ে অৱগত কৰাত সহায় কৰিব। এই নতুন সেৱাটো আৰম্ভ কৰিবলৈ হোৱাটছএপে চিৰোনা হাইজিন প্ৰাইভেট লিমিটেডৰ সৈতে চুক্তি কৰিছে।

 কিন্তু  এই সেৱা কেনেদৰে লাভ কৰিব পৰা যাব ?ইয়াৰ বাবে +919718866644 নম্বৰলৈ  'হাই' লিখি  হোৱাটছএপ কৰিব লাগিব। এই সেৱা লাভ কৰিবলৈ কিছুমান ব্যক্তিগত তথ্যও প্ৰদান কৰিব লাগিব। 

যেনে ঋতুস্ৰাৱৰ তাৰিখ, ই কিমান দিন থাকে, ঋতুস্ৰাৱ নিয়মীয়া হয় নে নহয় ইত্যাদি। আপুনি এই তথ্য প্ৰদান কৰাৰ পিছত পৰৱৰ্তী সময়ৰ পৰা হোৱাটছএপে সকলো প্ৰয়োজনীয় কথা মনত পেলাই দি থাকিব৷

 ফলস্বৰূপে যিসকলৰ প্ৰয়োজন তেওঁলোকে আগতীয়াকৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হ'ব।হোৱাটছএপৰ তৰফৰ পৰা কোৱা হৈছে  যে  যিমান সঠিকভাৱে নিজৰ বিষয়ে তথ্য দিব পাৰিব, চিৰোনাই সিমানেই সঠিকভাৱে উত্তৰ দিবলৈ সক্ষম হ'ব। 

ইয়াৰ মাজতে, যদি কাৰোৱাৰ ঋতুস্ৰাৱ কোনো কাৰণত অনিয়মীয়া হৈ পৰে, তেনেহ'লে সেই বিষয়ে পিছত আপডেট দিব লাগিব। ব্যস্ততাৰ মাজত বহুলোকে নিজৰ যত্ন ল'বলৈ পাহৰি যায়। এই চেটবটটো নিঃসন্দেহে সেই ব্যস্ত মহিলাসকলৰ বাবে অতি উপযোগী হ’ব।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?