--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্ক: কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ তিনিদিনীয়া আমেৰিকা ভ্ৰমণৰ কাৰ্যসুচীত বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰি বিজেপি আৰ এছ এছক   আক্ৰমণৰ লক্ষ্য কৰি লৈছে৷ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিজেপি আৰ এছ এছৰ ফেছচিবাদী তথা জন বিৰোধী চৰিত্ৰ উদঙাই দিয়াত কোনো খুত ৰখা নাই লোকসভাৰ বিৰোধী দলৰ নেতা তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে৷ ধাৰবাহিক ভৱে সমালোচনাৰে থকা সৰকা কৰিছে কেন্দ্ৰৰ বিজেপি চৰকাৰ আৰু আৰ এছ এছক৷  

প্ৰাপ্ত তথ্য অনুসৰি ১০ ছেপ্টেম্বৰত ৰাহুল গান্ধী ৱাশ্বিংটন ডি চিস্থিত জৰ্জটাউন বিশ্ববিদ্যালয়ত উপস্থিত হয়। আৰু ছাত্ৰ-ছাত্ৰীৰসকলৰ সৈতে মত বিনিময় কৰে৷ অনুষ্ঠানটোত অংশগ্ৰহণ কৰি বিজেপি-আৰএছএছৰ লগতে নিৰ্বাচন আয়োগৰ ওপৰত আক্ৰমণাত্মক বাক্যবাণেৰে থকা সৰকা কৰে৷ বিৰোধী কংগ্ৰেছ নেতাগৰাকীয়ে লোকসভা নিৰ্বাচন নিকাভাবে অনুষ্ঠিত নহ’ল বুলি মত প্ৰকাশ কৰে৷ লগতে কয় যে ‘নিৰ্বাচন আয়োগে বিজেপি য়ে বিচৰা ধৰণে কাম কৰিছিল৷ নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশতে নিজৰ কাম কৰিব পাৰে সেই অনুসাৰে নিৰ্বাচনি প্ৰচাৰ চলাইছিল।’ আৰু এই নিৰ্বাচন নিয়ন্ত্ৰিত নিৰ্বাচন বুলিও অভিযোগ উত্থাপন কৰে। নিৰ্বাচন নিকা হোৱা হ’লে বিজেপিয়ে ২৪০ খন আসনৰ ওচৰতো উপনীত হ’ব নোহাৰিলে হেতেন। তেওঁৰ অৰ্থনৈতিক লাভৰ বিশাল। 

বিৰোধী নেতা গৰাকীয়ে অভিযোগ উত্থাপন কৰি কয় যে ‘ডাঙৰ ডাঙৰ প্ৰতিষ্ঠানসমূহ আৰ এছ এছে দখল কৰিছে শিক্ষা ব্যৱস্থাৰ ওপৰতো আৰ এছ এছে দখল কৰি লৈছে। সংবাদ মাধ্যম আৰু তদন্তকাৰী সংস্থাৰ ওপৰত তেওঁলোকে নিয়ন্ত্ৰণ স্থাপন কৰিছে।’ সাধাৰণ জনতাই বুজি উঠিছিল এইখন সংবিধান ৰক্ষা কৰা আৰু ধ্বংস কৰা সকলৰ মাজৰ যুঁজ বুলিও উল্লেখ কৰে৷ দলিত, অ’বিচি আৰু আদিবাসীয়ে নিজৰ অধিকাৰ লাভ কৰাৰ পৰা বঞ্চিত হৈছে বুলিও অভিযোগ উত্থাপন কৰে বিৰোধী নেতা গৰাকীয়ে৷ সমান্তৰাল ভৱে বিজেপি আৰ এছ এছো ৰাহুল গান্ধীৰ মন্তব্যৰ বাবে সৰৱ হৈ পৰা পৰিলক্ষিত হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?