--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক:  অহা ১১ অক্টোবৰত ছবিগৃহত মুক্তি পাবলগীয়া তেওঁৰ আটাইতকৈ প্ৰত্যাশিত একচন থ্ৰিলাৰ ছবি ‘দেৱৰা - পাৰ্ট ১’ৰ বাবে এইকেইদিন শিৰোনাম দখল কৰিছে ছাইফ আলী খানে। আনহাতে তেওঁৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত বৰ্তমান চৰ্চাত আছে। ভিডিঅ’টোত তেওঁ কংগ্ৰেছ নেতা ৰাহুল গান্ধীক প্ৰশংসা কৰা দেখা গৈছে।




Saif Ali Khan ने की राहुल गांधी की तारीफ, कहा- अपनी मेहनत से उन्होंने सब  बदल दिया | Devara actor saif ali khan praised rahul gandhi for his  dedicated brave and honest

কেৱল এয়াই নহয়, আন ব্যৱহাৰকাৰীসকলেও এই ভিডিঅ’টোক লৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কিছুমান ব্যৱহাৰকাৰীয়ে তেওঁৰ কথাত একমত হোৱাৰ বিপৰীতে কিছুমানে ইয়াৰ বাবেও তেওঁক সমালোচনা কৰি আছে। ছাইফ আলী খানৰ এই ভিডিঅ'টো এটা সাক্ষাৎকাৰৰ সময়ৰ। য’ত তেওঁক সোধা হৈছিল যে তেওঁ কেনেকুৱা নেতাক ভাল পায়? ইয়াৰ উত্তৰত ছাইফে কয়, ‘যিসকল নেতা সৎ আৰু সাহসী,তেওঁলোকক মই ভাল পাওঁ’। ইয়াৰ পিছত তেওঁৰ আগত দেশৰ একাংশ ভৱিষ্যত নেতাৰ নাম লোৱা হয় ।


তেওঁক প্ৰশ্ন কৰা হয় যে, ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, অৰবিন্দ কেজৰিৱাল আৰু ৰাহুল গান্ধীৰ ভিতৰত তেওঁ কাক আটাইতকৈ সৎ আৰু সাহসী বুলি বিবেচনা কৰে?’ এই বিষয়ে ছাইফে ক’লে, ‘মই ভাবো এই তিনিওজন নেতা সাহসী, কিন্তু ৰাহুল গান্ধীয়ে যি কৰিছে সেয়া প্ৰশংসনীয়। আগতে মানুহে তেওঁৰ কথাক সহজভাৱে লৈছিল কিন্তু তেওঁ বহুত কষ্ট আৰু সাধনাৰে এই ধাৰণা সলনি কৰিছে। ছাইফ আলী খানৰ এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত তীব্ৰভাৱে শ্বেয়াৰ কৰিছে ৰাহুল গান্ধীৰ অনুৰাগীয়ে।


Devara Part 1 (2024) - IMDb

উল্লেখ্য যে ,আমাজন প্ৰাইমত প্ৰচাৰিত ‘টাণ্ডৱ’ ধাৰাবাহিকত প্ৰধানমন্ত্ৰীৰ উত্তৰাধিকাৰীৰ চৰিত্ৰত অভিনয় কৰিছিল ছাইফে। এই ধাৰাবাহিকখন মুক্তি পোৱাৰ সময়ত বহুতে তেওঁৰ চৰিত্ৰক ৰাহুল গান্ধীৰ লগত তুলনা কৰিছিল। বৰ্তমান ছাইফ আলী খানক চাউথ ছুপাৰষ্টাৰ জুনিয়ৰ এন টি আৰ আৰু জানহৱী কাপুৰৰ সৈতে ‘দেৱৰা - ১ ত দেখা যাব। ছবিখনত তেওঁক খলনায়কৰ চৰিত্ৰত দেখা যাব। ইয়াৰ উপৰিও তেওঁৰ অনুৰাগীসকলেও তেওঁৰ ছবিখন মুক্তিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?