--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সততে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক লৈ সমালোচনাত সৰৱ হৈ পৰা বিজেপিৰ প্ৰাক্তন সাংসদ স্মৃতি ইৰাণী এইবাৰ ৰাহুল গান্ধীৰ প্ৰতি গ্ৰহণ কৰিছে নৰম স্থিতি। এইবাৰ বিতৰ্কিত বক্তব্যক লৈ নহয় ৰাহুল গান্ধীক প্ৰসংশা কৰি চৰ্চালৈ আহিছে প্ৰাক্তন বিজেপি সাংসদ স্মৃতি ইৰাণী।

প্ৰাক্তন বিজেপি সাংসদ গৰাকীয়ে ৰাহুল গান্ধীক উদ্দেশ্য কৰি কয় যে ‘ৰাহুল গান্ধীৰ ৰাজনীতিত পৰিৱৰ্তন আহিছে।তেওঁ এতিয়া সফল হৈ উঠিছে বুলি অনুভৱ কৰে।তেওঁ জাতিৰ কথা কৈছে কিন্তু ইমান বছৰৰ ৰাজনীতিত প্ৰথমবাৰৰ বাবে তেওঁ বাদ্যযন্ত্ৰৰ কথা কৈছে।ৰাহুল গান্ধীয়ে সংসদত টি-চাৰ্ট পিন্ধে, বগা টি-চাৰ্টৰ জড়িয়তে তেওঁ যুৱ প্ৰজন্মক কি বাৰ্তা বহন কৰিব বিচাৰিছে সেয়া জানে। আমি এই ভুল ধাৰণাত থকা অনুচিত যে সেই পদক্ষেপবোৰৰ আপুনি ভাল পাওক বা বেয়া পাওক, আথবা ৰাহুল গান্ধীৰ আচৰণ শিশুসুলভ যেন লাগিব পাৰে, কিন্তু ৰাহুল গান্ধীয়ে এতিয়া বেলেগ স্তৰৰ ৰাজনীতি কৰি আছে।’

এটা প’ডকাষ্টৰ সময়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিষয়ে স্মৃতি ইৰাণীয়ে দিয়া বক্তব্যই সম্প্ৰতি ৰাজনৈতিক মহলত চৰ্চা লাভ কৰিছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীক লৈ সমালোচনাত সৰৱ হৈ পৰা স্মৃতি ইৰাণীৰ ৰাহুল গান্ধীৰ প্ৰতি গ্ৰহণ কৰা নৰম অৱস্থানে আচৰিত কৰি তুলিছে সাধাৰণ জনতাকো। 

উল্লেখযোগ্য যে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত স্মৃতি ইৰাণীয়ে ৰাহুল গান্ধীক আমেথিত পৰাস্ত কৰিছিল। তেতিয়াৰ পৰাই ৰাহুল গান্ধীক অবিৰতভাৱে কঠোৰ বাক্যবানেৰে আক্ৰমণ কৰি আহিছে স্মৃতি ইৰাণীয়ে। তদুপৰি  ৰাহুল গান্ধী আৰু গান্ধী পৰিয়ালক চোকা সমালোচনা কৰিছিল প্ৰাক্তন বিজেপি সাংসদ গৰাকীয়ে। ২০২৪ চনৰ লোকসভা নিৰ্বাচনত আমেথিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী কিশোৰী লালৰ হাতত পৰাজয়ৰ সন্মুখীন হৈছিল ইৰাণী। এই লৈ ছ’চিয়েল মিডিয়াত সমালোচিত হৈছিল প্ৰাক্তন বিজেপি সাংসদ গৰাকী।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?