--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কিছুদিন পূৰ্বে সম্ভলৰ সাম্প্ৰদায়িক সংঘৰ্ষত উত্তপ্ত হৈ পৰিছিল উত্তৰ প্ৰদেশ।ৰাজনৈতিক উত্তেজনাৰ সৃষ্টি কৰা এই সংঘৰ্ষৰ ফলত কেইবাজনো লোকৰ মৃত্যু হৈছিল। যাৰ বাবে যোগী আদিত্যনাথৰ চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে বিৰোধী। সংসদতো উত্থাপন হৈছে সম্ভলৰ বিষয়ে। এনে পৰিস্থিতিত সমাজবাদী পাৰ্টী আৰু কংগ্ৰেছৰ প্ৰতিনিধিসকলে সম্ভলৰ ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰাৰ সময়ত আৰক্ষীৰ বাধাৰ সন্মুখীন হ’বলগীয়া হয়। 

প্ৰাপ্ত খবৰ অনুসৰি উত্তৰ প্ৰদেশত সম্ভল পৰিদৰ্শনৰ বাবে যোৱা লোকসভাৰ বিৰোধী দলপতি আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীক গাজীপুৰ সীমান্তত আটক কৰি ৰখে। ৱায়ানাড সাংসদ প্ৰিয়ংকা গান্ধীয়েও তেওঁৰ সৈতে ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰিবলৈ গৈছিল। এই কাৰ্যসূচীৰ বাবে বুধবাৰে পুৱাৰে পৰা গাজীপুৰ সীমান্তত নিৰাপত্তা অধিক শক্তিশালী কৰিতোলা হৈছিল। আৰক্ষীৰ বেৰিকেড লগোৱাৰ লগতে দিল্লী-মীৰুট এক্সপ্ৰেছৱে বন্ধ কৰি দিয়া হৈছিল। প্ৰশাসনৰ বাধাৰ বাবে তেওঁলোক উত্তৰ প্ৰদেশৰ প্ৰৱেশদ্বাৰত আবদ্ধ হৈ পৰে। যাৰ বাবে দিল্লীৰ পৰা উত্তৰ প্ৰদেশলৈ যোৱা পথত হোৱা জনসমাগমৰ বাবে যাত্ৰীসকলে গন্তব্যস্থান পোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়। 

গাজীপুৰ সীমান্তত নিষেধাজ্ঞাৰ কথা উল্লেখ কৰি লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীক আৰক্ষীয়ে ৰখাই দিয়াৰ পাছতে কংগ্ৰেছ যুৱ শাখাৰ সদস্যসকলে শ্লোগান আৰু দলীয় পতাকা উত্তোলন কৰি পৰিৱেশ উত্তেজনাময় কৰি তোলাৰ লগতে লোকসভাৰ বিৰোধী নেতাগৰাকীয়ে গাজীপুৰ সীমান্তত সংবিধান দেখুৱাই জনতাক সম্বোধন কৰে৷

ঘটনাক্ৰম অনুসৰি মোগল সম্ৰাট বাবৰৰ দিনত হৰিহৰ মন্দিৰ ভাঙি তাত শ্বাহী মছজিদ নিৰ্মাণ কৰা হৈছিল বুলি দাবী জনাই সম্ভলৰ স্থানীয় আদালতত এটা গোচৰ তৰা হৈছিল। গোচৰ ৰুজু কৰাৰ কিছু ঘণ্টাৰ ভিতৰতে নিম্ন আদালতৰ ন্যায়াধীশ আদিত্য গোস্বামীয়ে এজন আয়ুক্ত নিযুক্তি দি একেদিনাই মছজিদটোৰ জৰীপ কৰাৰ নিৰ্দেশ দিয়ে। প্ৰথম দিনাৰ জৰীপটো কোনো বাধা নোহোৱাকৈয়ে চলিল। কিন্তু দ্বিতীয়টো সমীক্ষাৰ সময়ত উত্তেজনা বিয়পি পৰে আৰু আৰক্ষীৰ গুলীচালনাৰ বাবেই ৫ জন লোকৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপিত হৈছে।

উত্তেজনাময় পৰিৱেশ শান্ত কৰিবলৈ যোগী আদিত্যনাথৰ চৰকাৰে ১০ ডিচেম্বৰলৈকে সম্ভলত বাহিৰৰ লোকৰ প্ৰৱেশত নিষেধাজ্ঞা জাৰি কৰে। ইয়াৰ পাছতে ৰাজ্যপাল আনন্দীবেন পেটেলে সংভালে হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে গঠন কৰা ন্যায়িক সমিতিয়ে দেওবাৰে অঞ্চলটো পৰিদৰ্শন কৰে। কিন্তু শনিবাৰে যেতিয়া ৰাজ্যখনৰ প্ৰধান বিৰোধী দল সমাজবাদী পাৰ্টিৰ ১৫ জনীয়া প্ৰতিনিধি দলে সম্বলত প্ৰৱেশ কৰিছিল তেতিয়াও উত্তৰ প্ৰদেশ প্ৰশাসনে তেওঁলোকক বাধা দিছিল। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?