--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দিল্লী নিৰ্বাচনৰ পূৰ্বে আম আদমী পাৰ্টিয়ে বৰদিনৰ দিনা এআইৰ দ্বাৰা নিৰ্মিত ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰিছে। এআই নিৰ্মিত এই ভিডিঅ'টোত চান্টাক্লজৰ ৰূপত দেখা গৈছে অৰবিন্দ কেজৰিৱালক। ভিডিঅ’টোৰ জৰিয়তে কেজৰিৱাল চৰকাৰে কি দৰে দিল্লীবাসীক চান্তাক্লজৰ দৰে আঁচনি উপহাৰ দি আহিছে তাক প্ৰতিফলিত কৰিছে৷ 

 ভিডিঅ’টোত প্ৰথমে অৰবিন্দ কেজৰিৱালক শিশুৰ সৈতে দেখা গৈছে। ইয়াৰ পিছত তেওঁ মহিলাসকলক ২১০০ টকা উপহাৰ দিয়া দেখা যায়। ইয়াৰ পিছত কেজৰিৱালক দিল্লীৰ চৰকাৰী বিদ্যালয়ৰ বাহিৰত শিশুৰ সৈতে ভিডিও’টোত দেখুওৱা হৈছে। ইয়াৰ পাছতে কেজৰিৱালক গোলাপী ৰঙৰ টিকট লৈ বাছত উঠি যোৱা দেখা গৈছে, যিয়ে দিল্লীৰ বাছত মহিলাসকলৰ বিনামূলীয়া টিকটৰ ব্যৱস্থাক প্ৰদৰ্শন কৰিছে।

দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ হাতত সঞ্জীৱনী যোজনাৰ উপহাৰৰ বাকচ লৈ থকাও দেখা গৈছে ভিডিঅ’টোত। লগতে দিল্লীত উপলব্ধ ‘বিনামূলীয়া বিদ্যুৎ’ সেৱাৰ বিষয়েও প্ৰদৰ্শন কৰিছে ভিডিঅ’টোত।

এফালে মহিলা সন্মান আঁচনিৰ অধীনত মহিলাসকলক প্ৰতিমাহে ২১০০ টকা দিয়াৰ বিপৰীতে আনফালে সঞ্জীৱনী আঁচনিৰ অধীনত ৬০ বছৰৰ ওপৰৰ বৃদ্ধসকলক চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয়ত বিনামূলীয়াকৈ চিকিৎসা প্ৰদান সন্দৰ্ভটো ভিডিঅ’টোত দেখুৱা হৈছে। আৱশ্যে সঞ্জীৱনী আঁচনিৰ বাবে আৱন্তিত ধনৰ বিষয়ত আপে একো উল্লেখ কৰা নাই।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?