--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ পুত্ৰ পিতৃৰ পদাংক অনুসৰণ কৰিয়ে ক্ৰিকেটৰ জগতত আগবাঢ়ি আহিছে৷ ২০১৮ চনত শ্ৰীলংকাৰ বিৰুদ্ধে আছিল ভাৰতৰ হৈ তেওঁৰ ১৯ বছৰ অনুৰ্ধৰ অভিষেক ঘটাইছিল। ২০২১ চনৰ ১৫ জানুৱাৰীত তেওঁ টি-২০ত অভিষেক ঘটায়৷ ২০২১ চনৰ আই পি এলৰ নিলামত মুম্বাই ইণ্ডিয়ানছৰ দলৰ অন্তৰ্ভুক্ত হয়। ২০২২ চনৰ ১৩ ডিচেম্বৰত ৰঞ্জি ট্ৰফীত ৰাজস্থানৰ বিৰুদ্ধে খেলি থকাৰ সময়তে তেণ্ডুলকাৰে প্ৰথম শ্ৰেণীৰ অভিষেক ঘটায়। তেওঁ প্ৰথম ইনিংছত ২০৭টা বলত ১২০ ৰান কৰি প্ৰথম শতক অৰ্জন কৰিবলৈ সক্ষম হয়৷ 

শেহতীয়াকৈ আই পি এল ২০২৫ত  মেগা নিলামৰ প্ৰথম ৰাউণ্ডত কোনো নিবিদা লাভ কৰা নাছিল 
অৰ্জুন তেণ্ডুলকাৰে কিন্তু শেষৰ ৰাউণ্ডত মুম্বাই ইণ্ডিয়ানছে ৩০ লাখ টকাত নিজৰ দলত অন্তৰ্ভুক্ত কৰে। উল্লেখযোগ্য যে মুম্বাইয়েও প্ৰথম ৰাউণ্ডত অৰ্জুনৰ বাবে নিবিদা দিয়া নাছিল। অৰ্থাৎ আকৌ এবাৰ অৰ্জুনে আই পি এলত মুম্বাইৰ হৈ খেলা দেখিবলৈ পোৱা যাব।  

এতিয়ালৈকে অৰ্জুনে আই পি এলত মাত্ৰ ৫ খন মেচ খেলিছে য’ত তেওঁ মাত্ৰ তিনিটা উইকেট লোৱাত সফল হৈছিল৷ অৰ্জুন তেণ্ডুলকাৰে মুম্বাই ইণ্ডিয়ানছৰ হৈ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত অভিষেক ঘটায়। ২০২৩ চনৰ আই পি এলতো খেলাৰ সুযোগ লাভ কৰাৰ লগতে উইকেটো দখল কৰিছিল। অৱশ্যে ইয়াৰ পিছত তেওঁ প্লেইং এঘাৰত স্থান লাভ কৰিবলৈ সক্ষম নহ’ল। ৰোহিত শৰ্মাৰ অধিনায়কত্বত খেলা অৰ্জুনে ভুৱনেশ্বৰ কুমাৰক আউট কৰি আই পি এলৰ প্ৰথমটো উইকেট দখল কৰিছিল। যোৱাটো ছিজনতো অৰ্জুনে বেঞ্চত বহিবলগীয়া হৈছিল৷দলটোৰ অধিনায়ক আছিল হাৰ্দিক পাণ্ডিয়া৷

উল্লেখযোগ্য যে প্ৰাৰম্ভিক ছিজনত নিলামত অৰ্জুন তেণ্ডুলকাৰৰ ভিত্তি মূল্য আছিল ২০ লাখ টকা। এইবাৰৰ নিলামৰ পূৰ্বে বিচিচিআইয়ে অনকেপড খেলুৱৈৰ বেছ প্ৰাইজ ২০ লাখৰ পৰা ৩০ লাখ টকালৈ বৃদ্ধি কৰিছিল। প্ৰথম ৰাউণ্ডত অৰ্জুনৰ কোনো দলে নিবিদা নিদিয়াকৈ আছিল যদিও অৱশেষত মুম্বাই ইণ্ডিয়ানছে অৰ্জুন তেণ্ডুলকাৰক দলত অন্তৰ্ভুক্ত কৰে৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?