--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  বিগত দুটা বছৰে বিৰাটৰ বেটৰ পৰা অহা নাই শতকীয় ইনিংছ। বেটিং ৰেটো ক্ৰমাত্‍ নিম্নগামী হৈছে ৰান মেছিনৰ। কিন্তু যদি এই প্ৰজন্মৰ শ্ৰেষ্ঠ টেষ্ট বেটছমেনৰ তালিকা প্ৰস্তুত কৰা হয় তেন্তে প্ৰথমে আহে বিৰাট কোহলীৰ নাম। এয়া আমাৰ ৰায় নহয়, প্ৰাক্তন অষ্ট্ৰেলিয়ান অলৰাউণ্ডাৰ শ্বেন ৱাটছনে দিছে এই ৰায়। ৱাটছনৰ মতে, এতিয়াও বিশ্বৰ শ্ৰেষ্ঠ টেষ্ট বেটছমেন বিৰাট কোহলী।


ৱাটছনে আইচিচি ৰিভিউ নামৰ এটা অনুষ্ঠানত নিজে ফেব ফাইভৰ এখন তালিকা প্ৰস্তুত কৰিছে। ৱাটছনৰ ফেভ ফাইভৰ তালিকাৰ শীৰ্ষত আছে বিৰাট কোহলী। কোহলীৰ লগতে তালিকাত স্থান লাভ কৰিছে ষ্টিভ স্মিথ, জো ৰুট আৰু কেন উইলিয়ামছনৰ দৰে তাৰকা ক্ৰিকেটাৰে। প্ৰাক্তন অষ্ট্ৰলিয়ান অলৰাউণ্ডাৰজনৰ মতে, পাকিস্তানৰ অধিনায়ক বাবৰ আজমেও লাহে লাহে শ্ৰেষ্ঠ ক্ৰিকেটাৰৰ তালিকাত স্থান লাভ কৰিছে। তথাপি, বিগত কেইবছৰমানত যে কোহলী সৰ্বশ্ৰেষ্ঠ বেটছমেন সেই কথা স্পষ্ট কৰি দিছে শ্বেনে।


কোহলী প্ৰসংগত অকপট স্বীকাৰোক্তি প্ৰাক্তন অষ্ট্ৰেলিয়ান অলৰাউণ্ডাৰৰ। তেওঁ কয়, ‘যদি টেষ্ট ক্ৰিকেটৰ কথা ক’বলৈ যাওঁ তেতিয়া হ’লে কোহলীয়েই শ্ৰেষ্ঠ। তেওঁ বেটিং শৈলী আশ্চৰ্যকৰ। খেলপথাৰত তেওঁৰ আক্ৰমণাত্মক বেটিং শৈলীয়ে এই সফলতা আনি দিছে কোহলীক।’

কোহলীৰ পাছতে বৰ্তমানৰ আন এগৰাকী লেখত ল’বলগীয়া বেটছমেন বাবৰ আজমৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিছে শ্বেনে। তেওঁ কয়, ‘বাবৰে অসাধাৰণ খেল খেলিছে। টেষ্ট ক্ৰিকেটত তেওঁৰ প্ৰদৰ্শনলৈ চাই মই তালিকাৰ দ্বিতীয় স্থান দিছো।’ সম্প্ৰতি দুৰ্বল ফৰ্মত থকা ষ্টিভ স্মিথক তালিকাৰ তৃতীয় স্থানত ৰাখিছে ৱাটছনে। আনহাতে,  চতুৰ্থ আৰু পঞ্চম স্থানত ক্ৰমান্বয়ে উলিয়ামছন আৰু জো ৰুটক স্থান দিছে শ্বেনে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?