ডিজিটেল ডেস্ক: ৮ জানুৱাৰীত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে পাঞ্জাবাৰীৰ শিল্পগ্ৰামত ৰাইজৰ দলৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে৷ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে দলীয় পতাকা উত্তোলন কৰা পাছতে কা আন্দোলনৰ পঞ্চ শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অনুষ্ঠানৰ সুভাআৰম্ভ হয়৷ ৰাইজৰ দলৰ নেতৃবৰ্গই৷ অনুষ্ঠানটোত উপস্থিত থাকে শিক্ষাবিদ সীতানাথ লহকৰ, ঘণশ্যাম নাথ, চিন্তাবিদ হীৰেন গোহাঁই৷
ৰাইজৰ দলে প্ৰতিষ্ঠা দিৱসৰ দিনটোতে মুকলি কৰে দলটোৰ অনাগত সময়ত কৰণীয় কাৰ্যাৱলী সম্বলিত দলটোৰ ‘ভিজন ডকুমেণ্ট’৷ ভিজন ডকুমেণ্টত ৰাইজৰ দলে চৰকাৰ গঠন কৰিলে ৫ বছৰত ৫ টা কাম কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ ভিতৰত আছে-
প্ৰথমে অসমৰ প্ৰতি ডৰা মাটিত জলসিঞ্চনৰ ব্যৱস্থা কৰি বছৰি তিনিটা খেতি কৰাৰ ব্যৱস্থা কৰি ৰাজ্য খনক প্ৰকৃত কৃষি প্ৰধান ৰাজ্য হিচাপে গঢ়ি তুলা হ’ব৷
দ্বিতীয় পৰিকল্পনা হৈছে কৃষকৰ আয় বৃদ্ধিৰ বাবে উপাদন বৃদ্ধিৰ লগতে নূন্যতম সমৰ্থন মূল্যৰো নিশ্চিতি প্ৰাদান কৰা এক কথাত অসমক উদ্যোগিক ৰাজ্য হিচাপে সজাই তোলা হ'বI
ৰাইজৰ দলৰ তৃতীয়টো পৰিকল্পনা হৈছে থলুৱাৰ হাতলৈ পথাৰৰ লগতে বজাৰ অনাৰো এক পৰিকল্পনা প্ৰস্তুত কৰি ৰাজ্যৰ ভিতৰতে থকা কৃষিজাত সামগ্ৰীৰ ছিণ্ডিকেটবোৰ ভাঙি পাইকাৰী বজাৰবোৰত থলুৱা ব্যৱসায়ী, সমবায় সমিতি আদিৰ আংশগ্ৰহণ সুনিশ্চিত কৰা৷
দলটোৰ চতুৰ্থটো পৰিকল্পনা হৈছে উৎপাদনৰ লগতে গাঁৱে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ গঢ়িতোলা হ’ব অসমক পৰ্যটনৰ আগশাৰীৰ ৰাজ্য হিচাপে সজাই তোলা হ'ব৷ অসমতে অসমৰ মানুহক সংস্থাপন দিয়াৰ ব্যৱস্থা কৰা৷
দলটোৱে মুকলি কৰা পঞ্চমটো পৰিকল্পনা হৈছে অসমক পৰ্যটনৰ আগশাৰীৰ ৰাজ্য হিচাপে গঢ়ি তোলা যাতে অসমে পৰ্যটন উদ্যোগৰ জৰিয়তে প্ৰতিবছৰে বিশাল ৰাজহ সমগ্ৰহ কৰিব পাৰে৷৷ ৰাইজৰ দলে তেওঁলোকৰ এই পৰিকল্পনা সমূহৰ বিষয়ে ‘ভিজন ডকুমেণ্ট’ পূৰ্ণ বিশ্লেষণ দাঙি ধৰিছে৷
অনুষ্ঠানটোত ভাষণ প্ৰসংগত দলটোৰ সভাপতি অখিল গগৈয়ে কয় বিৰোধী পক্ষক কটাক্ষ কৰি কয় যে দিশপুৰলৈ আহে উমৰাংছু আৰু কাৰ্বি আংলঙৰ কয়লা ছিণ্ডিকেটৰ টকা৷ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি গৰাকীয়ে তুলিৰাম আৰু দেবুলালৰ নেতৃত্বত স্বায়ত্বশাসিত অঞ্চল দুখনত কয়লাৰ অবৈধ খনন চলি আছে বুলি অভিযোগ উত্থাপন কৰে৷ লগতে বিধায়ক গৰাকীয়ে সময় সীমা বান্ধি দিলে কংগ্ৰেছ দলক, তেওঁ কয় যে পঞ্চায়ত নিৰ্বাচনতে মিত্ৰতা হ’ব লাগিব, ২৬ৰ পঞ্চায়ত নিৰ্বাচনত মিত্ৰতা নহ’লে ২৬ত ৰাইজৰ দলে কংগ্ৰেছৰ সৈতে মিত্ৰতা নকৰে বুলি সকীয়াই দিয়ে৷ পঞ্চায়ত নিৰ্বাচনত ৰাইজৰ দল কংগ্ৰেছৰ কাষলে দৌৰি নাযায় বুলি উল্লেখ কৰে৷
ইফালে অনুষ্ঠানটোত অংশ গ্ৰহণ কৰি হীৰেন গোঁহাইয়ে কয় যে উমৰাংচুৰ ঘটনাৰ বাবে সম্পূৰ্ণ দায়ী ৰাজ্য চৰকাৰ৷চৰকাৰৰ ভুলৰ বাবে এনে ঘটনা সংঘটিত হৈছে বুলি তেঁও উল্লেখ কৰে৷ লগতে তেওঁ কয় যে চৰকাৰে ভোট কিনিবলৈ হিতাধিকাৰী সৃষ্টি কৰিছে, চৰকাৰৰ হিতাধিকাৰী ব্যৱস্থাই জাতিটোক অকৰ্মাণ্য কৰি তুলিব বুলি উল্লেখ কৰে আৰু উদ্যোগ স্থাপন কৰি ৰাজ্যত নিয়োগ সৃষ্টি কৰাৰ আহ্বান জনাইছে৷
চিন্তাবিদ গৰাকীয়ে কংগ্ৰেছ দলৰ বিষয়ে উল্লেখ কৰি কয় কংগ্ৰেছে পূৰ্বে চৰকাৰ গঠন কৰাৰ বাবে আত্মসন্তুষ্টি লভিছে কিন্তু এতিয়া বিজেপিক পৰাভূত কৰিব পৰা অকলে শক্তি নাই কংগ্ৰেছৰ৷ সময় সলনি হৈছে, কংগ্ৰেছে জনা উচিত তেওঁলোকৰ ক্ষমতা সিমিত৷ সকলোৰে দুৰ্বলতা আছে, সেয়ে বিৰোধী দলসমূহক একলগ হোৱা পৰামৰ্শ হীৰেণ গোঁহাইৰ৷