ডিজিটেল ডেস্ক : মূল্যবৃদ্ধিয়ে কোঙা কৰা জনতাৰ বাবে কিছু ভাল খৱৰ৷ হ্ৰাস পাব পাৰে পেট্ৰ'ল ডিজেলৰ মূল্য৷ শতকৰ ঘৰ গৰকি সাধাৰণ জনতাৰ বাবে এক বোজা হৈ পৰা পেট্ৰ'ল ডিজেলৰ মূল্য হ্ৰাস পোৱাৰ কিছুদিনৰ পাছতে কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰালয়ৰ এই খৱৰে কিছু সকাহ দিব পাৰে৷ ভাৰতে তেলৰ মূল্য হ্ৰাস কৰাৰ লক্ষ্যৰে আমেৰিকা যুক্তৰাষ্ট্ৰ, জাপান, চীন, ব্ৰিটেইন আৰু কোৰিয়াৰ সৈতে একেলগে তেল মুকলি কৰাৰ সিদ্ধান্ত লৈছে।
ভাৰতে কৌশলগত পেট্ৰ’লিয়াম ভাণ্ডাৰৰ (SPRs) পৰা একেলগে ৫ নিযুত বেৰেল খাৰুৱা তেল মুকলি কৰাৰ সিদ্ধান্ত লৈছে। ভাৰতত প্ৰায় ২৬.৫ নিযুত বেৰেল তেল মজুত আছে বুলি মন্ত্ৰালয়ে সদৰী কৰে।
আমেৰিকা যুক্তৰাষ্ট্ৰই তেলৰ মূল্য নিয়ন্ত্ৰণ কৰাত সহায় কৰিবলৈ ইয়াৰ কৌশলগত পেট্ৰ’লিয়াম সংৰক্ষণৰ পৰা ৫০ নিযুত বেৰেল খাৰুৱা তেল মুকলি কৰিব বুলি হোৱাইট হাউছে মঙলবাৰে কোৱাৰ পাছতে ভাৰতীয় পেট্ৰ’লিয়াম মন্ত্ৰালয়ে বিশ্বব্যাপী শক্তিৰ মুখ্য উপভোক্তা দেশসমূহৰ সৈতে আলোচনা কৰি খাৰুৱা তেল মুকলি কৰা হ’ব বুলি বিবৃতিযোগে জানিবলৈ দিয়ে।
ইপিনে যোৱা ৩ নৱেম্বৰৰ পৰা পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত আবকাৰী শুল্ক ক্ৰমান্বয়ে ৫ আৰু ১০ টকা হ্ৰাস কৰা হৈছিল। ৪ নৱেম্বৰৰ পৰা কাৰ্যকৰী হৈছিল এই নতুন দৰ।