--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ব্যক্তিগত কাৰণৰ দোহাই দি গুজৰাট টাইটানছৰ পেচাৰ কাগিছু ৰাবাডাই চলিত আই পি এল আধাতে সামৰি স্বদেশলৈ উভতি যায়। 

দক্ষিণ আফ্ৰিকাৰ বেগী বলাৰ ৰাবাডাই গুজৰাটৰ হৈ প্রথম দুখন খেলত নামি ৮৩ ৰানত দখল কৰে দুটা উইকেট। 'কাগিছু ৰাবাডাই জৰুৰী ব্যক্তিগত কাৰণৰ বাবে স্বদেশলৈ উৰা মাৰে।' গুজৰাটৰ এক সূত্রই কয়। 

২০১৮ চনৰ পৰাই আই পি এলত খেলি অহা ৰাবাডাই ৮২খন মেচত দখল কৰিছে ১১৯টা উইকেট। চলিত আই পি এলত গুজৰাট টাইটানছৰ সদস্য ৰাবাডাই ইয়াৰ আগেয়ে পঞ্জাব কিংছ আৰু দিল্লী কেপিটেলছৰ হৈ খেলিছিল। দক্ষিণ আফ্রিকান তাৰকা ৰাবাডাই ২০২০ চনৰ সংস্কৰণত দখল কৰিছিল ৩০টা উইকেট। ৰাবাডা কি ব্যক্তিগত কাৰণত স্বদেশলৈ উভতিল সেয়া জানিব পৰা হোৱা নাই। 

তদুপৰি তেওঁ কেতিয়া ভাৰতলৈ উভতিব সেয়াও এই মুহূর্তত ক'ব পৰা অৱস্থাত নাই। গুজৰাটৰ অন্যতম গুৰুত্বপূৰ্ণ সদস্য ৰাবাডাৰ অনুপস্থিতিয়ে দলৰ প্ৰদৰ্শনত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে। ৰাবাডাই চলিত প্রতিযোগিতাখনত যোৱা শনিবাৰে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অন্তিম মেচ খেলিছিল। আনহাতে, ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে বুধবাৰে গুজৰাটৰ হৈ খেলা নাছিল ৰাবাডাই।

উৎসঃ দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?