--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইপিএলত পুনৰ কৰ’নাৰ কোপদৃষ্টি। এইবাৰ দিল্লীৰ এজন ক্ৰিকেটাৰ কৰ’নাত আক্ৰান্ত হোৱাৰ খবৰ আহিছে। সূত্ৰ অনুসৰি, দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰজনৰ Rapid Test-ত ক’ভিড পজিটিভ আহে। আৰটি-পিচিআৰ টেষ্টো কৰা হয় ক্ৰিকেটাৰজনৰ। আৰটি-পিচিআৰ পৰীক্ষাৰ ফলাফলৰ ওপৰতে সকলোখিনি নিৰ্ভৰ কৰিছে। অৱশ্যে, এতিয়া গোটেই দলটোক কোৱাৰেণ্টাইনত ৰখা হৈছে। দিল্লীৰ তাৰকাসকলে সোমবাৰে দিল্লীৰ পৰা পুনেলৈ উৰা মৰাৰ কথা আছিল।পাছে এতিয়া সেই ভ্ৰমণ বাতিল কৰা হৈছে।

যদি দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰজনৰ আৰটি-পিচিআৰ পৰীক্ষাৰ প্ৰতিবেদনত পজিটিভ আহে তেতিয়া দিল্লী কেপিটেলছৰ কৰ’নাক্ৰান্ত তৃতীয়গৰাকী ব্যক্তি হিচাপে বিবেচিত হ’ব তেওঁ। দুদিনপূৰ্বে, দলটোৰ ফিজিঅ' পেট্ৰিক ফাৰহাৰ্ট প্ৰথমে এইবিধ মাৰণ ভাইৰাছৰ সংস্পৰ্শলৈ আহিছিল। তাৰপাছত, দলটোৰ আন এগৰাকী সহস্য কৰ’নাত আক্ৰান্ত হৈছিল। এইবাৰ এজন ক্ৰিকেটাৰ কৰ’নাক্ৰান্ত হোৱাৰ খবৰ আহিছে। অৱশ্যে, কোনজন ক্ৰিকেটাৰ সংক্ৰমিত হৈছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। 

মন কৰিবলগীয়া যে, কৰ’না মহামাৰীৰ বাবে এই মেগা টুৰ্ণামেণ্টৰ বিগত দুটা ছিজন ভাৰতত অনুষ্ঠিত কৰা হোৱা নাছিল। বিগত বছৰৰ আৰম্ভণিতে আইপিএলৰ মেগা টুৰ্ণামেণ্ট আৰম্ভ হ’লেও কৰ’না মহামাৰীৰ বাবে মাজতে স্থগিত ৰাখিবলগীয়া হয়। কৰ’নাৰ দ্বিতীয় ঢৌৰ প্ৰকোপ চলি থকা   সময়তে আইপিএলৰ জৈৱ-সুৰক্ষা ক্ষেত্ৰত থকা স্বত্বেও কেইবাজনো ক্ৰিকেটাৰ আক্ৰান্ত হৈছিল কৰ’নাত। তাৰপাছত, বোৰ্ডে প্ৰতিযোগিতাখন পিছুৱাই দিয়াৰ সিদ্ধান্ত লয়। অৱশেষত, প্ৰতিযোগিতাখনৰ বাকী থকা খেলকেইখন সংযুক্ত আৰৱ আমিৰাত অনুষ্ঠিত হৈছিল।

চলিত বৰ্ষতো ভাৰতত আইপিএল অনুষ্ঠিত হ'ব নে নাই তাক লৈ যথেষ্ট সংশয় আছিল। কিন্তু বিগত কেইমাহমানত, দেশত সংক্ৰমণৰ হাৰ হ্ৰাস হোৱাৰ সুবাদতে বিচিচিআইয়ে মহাৰাষ্ট্ৰৰ দুখন চহৰত বহু কোটি টকাৰ লীগ আয়োজন কৰাৰ সিদ্ধান্ত লৈছিল। আইপিএলৰ বাবে জৈৱিক বলয়ৰো ব্যৱস্থা কৰা হৈছিল। ক্ৰিকেটাৰ, সহায়ক কৰ্মচাৰী, তেওঁলোকৰ পৰিয়াল, আনকি ক্ষেত্ৰ কৰ্মচাৰীসকলেও জৈৱিক বলয়ৰ মাজত ৰখা হৈছে। কিন্তু ইমান সজাগতাৰ পাছতো কৰ’নাই ভীতি-সন্ত্ৰস্ত কৰি ৰাখিছে সকলোকে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?