--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰিয়ান খানৰ নাম ড্ৰাগছ কাণ্ডত নাম সাঙুৰ খোৱাৰ পাছত পিতৃ হিচাপে সমাজত লজ্জিত হৈছিল বলীউড বাদশ্বাহ শ্বাহৰুখ খান। পাছে এইবাৰ সৰু পুত্ৰ আবৰামে গৌৰাৱান্বিত কৰিলে শ্বাহৰুখ খানক। এই সময়ত কিং খানৰ বাসগৃহ মন্নতত আনন্দৰ বন্যা বৈ আছে। টাইকোৱাণ্ডো খেলত জয়লাভ কৰিছে শ্বাহৰুখৰ সৰু পুত্ৰ আবৰাম খানে। এই জয় দেখি শ্বাহৰুখ খানৰ হিয়া আনন্দত উথলি উঠিল। মঞ্চতে পুত্ৰক সাৱটি ধৰি মৰমেৰে চুমা খালে শ্বাহৰুখে।

বলীউড বাদশ্বাহ শ্বাহৰুখ খানেই কেৱল মানুহৰ হৃদয়ৰ ৰজা নহয়, এতিয়া যেন তেওঁৰ সৰু পুত্ৰয়েও সকলোৰে মনত থিতাপি লোৱাৰ দক্ষতা শিকিছে। স্কুলত টাইকোৱাণ্ডো খেলত জয়ী হৈ পিতৃ শ্বাহৰুখ খানক অপৰিসীম আনন্দ দিছে আবৰামে। শেহতীয়াকৈ মুম্বাইৰ টাইকোৱাণ্ডো ট্ৰেইনিং একাডেমীত অনুষ্ঠিত এখন প্ৰতিযোগিতাত আবৰামে অংশগ্ৰহণ কৰিছিল। আবৰামৰ খেল চাবলৈ শ্বাহৰুখ খানৰ লগতে পত্নী গৌৰী খান আৰু সন্তান আৰিয়ান-সুহানাও উপস্থিত আছিল। একে সময়তে কৰীনা কাপুৰ আৰু ছেইফ আলী খানকো তেওঁলোকৰ পুত্ৰ টাইমুৰৰ সৈতে দেখা গৈছিল। এই প্ৰতিযোগিতাত আবৰাম, টাইমুৰৰ সৈতে কৰিশ্মা কাপুৰৰ পুত্ৰ কিয়ানেও অংশগ্ৰহণ কৰে।

অভিনেতা শ্বাহৰুখ খানৰ পুত্ৰই জয় সাব্যস্ত কৰে টাইকোৱাণ্ডো প্ৰতিযোগিতাত। এই প্ৰতিযোগিতাত জয়ী হৈ আবৰামে সোণৰ পদক লাভ কৰিছে। পুত্ৰৰ জয়ত শ্বাহৰুখ ইমানেই সুখী হৈছিল যে মঞ্চতে পুত্ৰৰ প্ৰতি মৰম প্ৰকাশ কৰে। সেই সময়ত গৌৰী খান, আৰিয়ান খান আৰু সুহানা খানে হাত চাপৰি বজাই আবৰামক বহুত প্ৰশংসা কৰে। প্ৰতিযোগিতাখনৰ বিষয়ববীয়াই পিতৃ শ্বাহৰুখৰ হাতেৰে আবৰামক সোণৰ পদক প্ৰদান কৰে। সকলোৱে আবৰাম খানক শুভেচ্ছা আৰু অভিনন্দন জনাইছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?