--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ৰাজ্যৰ ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ৷ কটকটীয়া নিৰাপত্তাৰ মাজেৰে পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ আৰম্ভ হ’ব ভোটগ্ৰহণ। চামগুৰি, বিহালী, বঙাইগাঁও, চিদলীত আৰু ধলাই সমষ্টিত ভোটগ্ৰহণ চলি আছে। ৩৪গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৯ লাখ ১০ হাজাৰ ৬৬৫ গৰাকী ভোটাৰে। ৫ সমষ্টিত মুঠ ভোটকেন্দ্ৰ ১০৭৮টা। বিশেষভাৱে সক্ষম ভোটাৰ ৪ হাজাৰ ১৯৭ গৰাকী। ৮০ বছৰৰ উৰ্ধৰ ভোটাৰ ৩ হাজাৰ ৭৮৮ গৰাকী বুলি জান্ব পৰা গৈছে৷

চামগুৰিত কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। চামগুৰিত মুঠ ১১জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিলেও বিজেপিৰ দিপ্লুৰঞ্জন শৰ্মা আৰু কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনৰ মাজতে তীব্ৰ যুঁজ হোৱাৰ সম্ভাৱনা।

চামগুৰিত মুঠ ভোটাৰ হ’ল ১ লাখ ৮০ হাজাৰ ৮৫৪গৰাকী। ভোট কেন্দ্ৰ হ’ল ১৯৭টা।

বিহালীত বিৰোধী মিত্ৰজোঁটেও প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে৷ বিজেপিৰ দিগন্ত ঘাটোৱাল আৰু কংগ্ৰেছৰ জয়ন্ত বৰাৰ মাজতে তীব্ৰতৰ যুঁজ হোৱাৰ সম্ভাৱনা।

বিহালীৰ মুঠ ভোটাৰ ১ লাখ ৩২ হাজাৰ ৫৭৯ গৰাকী। ভোট কেন্দ্ৰ আছে ১৫৪টা৷

বঙাইগাঁৱত বিজেপি মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰী আৰু কংগ্ৰেছ প্ৰাৰ্থী ব্ৰজেনজিৎ সিনহা মূল প্ৰতিদ্বন্দ্বী৷

বঙাইগাঁৱৰ মুঠ ভোটাৰ হ’ল ১ লাখ ৮২ হাজাৰ ৩৫৪গৰাকী। বঙাইগাঁও সমষ্টিত আছে ২৪৬টা ভোট কেন্দ্ৰ।

চিদলী UPPLৰ নিৰ্মল কুমাৰ ব্ৰহ্ম আৰু BPFৰ শুদ্ধ কুমাৰ বসুমতাৰীৰ মাজত মূল যুঁজ হোৱাৰ সম্ভাৱনা। 

চিদলীৰ মুঠ ভোটাৰ হ’ল ২ লাখ ১৭ হাজাৰ ২৩৬গৰাকী। চিদলী সমষ্টিত আছে ২৭৩টা ভোট কেন্দ্ৰ।

ধলাই সমষ্টিত বিজেপিৰ নীহাৰ ৰঞ্জন দাস আৰু কংগ্ৰেছৰ ধ্ৰুৱজ্যোতি পুৰকায়স্থৰ মাজত মূল যুঁজ হোৱাৰ সম্ভাৱনা৷

ধলাইৰ মুঠ ভোটাৰ হ’ল ১ লাখ ৯৭ হাজাৰ ৬৪২ গৰাকী। ভোট কেন্দ্ৰ হ’ল ২০৮টা।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?