--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি সমগ্ৰ ৰাজ্যতে মুক্তি লাভ কৰে বছৰটোৰ দ্বিতীয়খন অসমীয়া বোলছবি শীতৰে সেমেকা ৰাতিয়ে। ৩০ জানুৱাৰী, বৃহস্পতিবাৰে মহানগৰীৰ পাঞ্জাবাৰীত থকা আইদেউ টকীজত চিনেমাখনৰ প্ৰিমিয়াৰ অনুষ্ঠিত হৈ যায়। ডিজাইনাৰ, অভিনেতা আৰু এগৰাকী পৰিচালক হিচাপে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো সমাদৃত দীপাংকৰ কাশ্যপৰ দ্বাৰা পৰিচালিত এই নতুন ছবিখনে প্ৰেমক নতুন দৃষ্টিকোণেৰে দৰ্শকৰ সন্মুখত উপস্থাপন কৰিছে।

এই ছবিখনে লিংগ, বয়স বা শৰীৰৰ বাহিৰৰ প্ৰেমক প্ৰতিনিধিত্ব কৰিছে। আত্মিক প্ৰেমক দিয়া হৈছে প্ৰাধান্য।

ড° সঞ্জীৱ নাৰায়ণৰ তত্ত্বাৱধানত নিৰ্মিত এই ছবিখনৰ প্ৰযোজনা দীপাংকৰ কাশ্যপ আৰু ড° অক্ষতা নাৰায়ণৰ। তৃষা শইকীয়া, জিত চলিহা, দীপাংকৰ ৰয়, চিমি ৰায়ন, অঞ্চিত, পলাশ্ৰী দাস, হৃষিকেশ দত্ত, অতিথি শিল্পী সিদ্ধাৰ্থ নিপন গোস্বামীৰ লগতে আন কেইবাগৰাকীও ন-পুৰণি অভিনেতা-অভিনেত্ৰী অভিনীত এই ছবিখনৰ কাহিনীভাগ লিখিছে এনড্ৰিউ ধনৰাজগিৰিয়ে আৰু পাণ্ডুলিপি অভিজিৎ নায়কৰ। 

কাষ্টিং ডাইৰেক্টৰ কপিল বৰা, চিত্ৰগ্ৰহণ ৰামজ্যোতি কৃষ্ণচৰণৰ আৰু সহকাৰী পৰিচালক বিজিত বৰগোঁহাই। ৰূপসজ্জা পূজা দত্তৰ, সম্পাদনা ৰাতুল দত্তৰ আৰু ছাউণ্ড ডিজাইনিঙত আছে স্বপনীল গগৈ। ছবিখনৰ জৰিয়তে প্ৰায় দুটা দশকৰ পিছত অভিনয় জগতলৈ প্ৰত্যাৱৰ্তন ঘটিছে এসময়ৰ মোহময়ী অভিনেত্ৰী তৃষা শইকীয়াৰ। 

ছবিখনৰ গীতৰ কথা অনুপম নাথৰ। সংগীত পৰিচালনা কৰিছে প্ৰিয়ংকু বৰদলৈয়ে। কণ্ঠদান কৰিছে পদ্মনাভ বৰদলৈ আৰু নীহাৰ কাশ্যপে। কৰিঅ'গ্ৰাফাৰ উদয় শংকৰৰ। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?