--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ঘোষণা কৰা হ’ব ৰাজ্যৰ ৫ বিধানসভা সমষ্টিত অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনৰ ফলাফল। পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ভোটগণনা। গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা। পুৱা ৮ বজাৰ পৰা প’ষ্টেল বেলটৰে আৰম্ভ হোৱা ভোটগণনাৰ ফলাফললৈ আশাৰে বাট চাই আছে ৰাজ্যবাসীয়ে। 

যোৱা ১৩ নৱেম্বৰত ৰাজ্যৰ পাঁচ সমষ্টি ক্ৰমে চামগুৰি, বিহালী, চিদলী, বঙাইগাঁও আৰু ধলাইত উপ-নিৰ্বাচন অনুষ্ঠিত হৈছিল। আজিৰ এই ভোট গণনাত ফলাফল ওলাব মুঠ ৩৪ গৰাকীৰ ভাগ্য৷ কিয়নো এই উপ-নিৰ্বাচনত ৩৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু ইয়াৰ মাজৰে পৰা দিছপুৰলৈ জয়ী হৈ যাব মাত্ৰ পাঁচ গৰাকী প্ৰাৰ্থী৷

যোৱা ১৩ নৱেম্বৰত অনুষ্ঠিত হৈ যোৱা এই উপ-নিৰ্বাচনত পাঁচটা সমষ্টিত মুঠ ৬৯০১০৬ গৰাকী ভোটাৰে ভোটদান সম্পন্ন কৰে।উপ-নিৰ্বাচনত পাঁচটা সমষ্টিত মুঠ ৩৮ গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। ইয়াৰ ভিতৰত চামগুৰিত সৰ্বাধিক ১১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আনহাতে বঙাইগাঁও সমষ্টিত ৮ গৰাকী প্ৰাৰ্থী, বিহালীত ৪ গৰাকী প্ৰাৰ্থী, ধলাই সমষ্টিত ৮ গৰাকী প্ৰাৰ্থী আৰু ছিদলীত ৩ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে।

মূলতঃ বিজেপি-অগপ মিত্ৰজোঁট আৰু বিৰোধী কংগ্ৰেছৰ মাজতে হ’ব এই নিৰ্বাচনী যুঁজ। ভোটগ্ৰহণৰ পিছতে দুয়োপক্ষই আটাইকেইটা সমষ্টিত জয়ী হ’ব বুলি দাবী কৰি আহিছে। গতিকে উপ-নিৰ্বাচনৰ এই ফলাফল স্বাভাৱিকতেই হ’ব লক্ষ্যণীয়।

বঙাইগাঁও সমষ্টিৰ ভোটগণনা হৈছে বঙাইগাঁও সদৰত৷ এইবাৰ বঙাইগাঁৱত ভোটদানৰ হাৰ আছিল ৭৭.৮৯%৷ বঙাইগাঁৱত মূল যুঁজ অগপ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰী আৰু কংগ্ৰেছৰ ব্ৰজেনজিৎ সিনহাৰ মাজতে হোৱাতো নিশ্চিত৷

চিদলী সমষ্টিৰ ভোটগণনা হৈছে কাজলগাঁৱত৷ এইবাৰ উপ-নিৰ্বাচনত চিদলীত ভোটদানৰ হাৰ আছিল ৭৫.৪৭%৷ চিদলীত মূল ভোট যুদ্ধ হ’ব UPPLৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰক্ষ্ম আৰু BPFৰ প্ৰাৰ্থী শুদ্ধ কুমাৰ বসুমতাৰীৰ মাজত৷

বিহালী সমষ্টিৰ ভোট গগণা হৈছে বিশ্বনাথত৷ বিহালীত ভোটদানৰ হাৰ আছিল ৭৫.৭৯%৷ বিহালীত মূল ভোট যুদ্ধ হ’ব বিজেপিৰ দিগন্ত ঘাটোৱাল আৰু কংগ্ৰেছৰ জয়ন্ত বৰাৰ মাজত৷ 

চামগুৰিৰ ভোটগণনা হৈছে নগাঁও সদৰত৷ এইবাৰৰ উপ-নিৰ্বাচনত চামগুৰিত ভোটদানৰ হাৰ আছিল ৭৯.৫৫%। চামগুৰিত মূল ভোট যুঁজ হ’ব বিজেপিৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মা আৰু কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনৰ মাজত৷

ধলাই সমষ্টিৰ ভোটগণনা হৈছে শিলচৰত৷ এইবাৰ ধলাই সমষ্টিৰ উপ-নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৭০.৩১%৷ ধলাই সমষ্টিটো মূল ভোট যুদ্ধ হ’ব প্ৰাৰ্থী বিজেপিৰ নীহাৰ ৰঞ্জন দাস আৰু কংগ্ৰেছৰ ধ্ৰুৱজ্যোতি পুৰুকায়স্থৰ মাজত৷

চিদলী, বঙাইগাঁও, বিহালী, চামগুৰি আৰু ধলাইৰ পৰা কোনগৰাকী প্ৰাৰ্থীয়ে বিজয়ৰ মুকুট পিন্ধি দিছপুৰলৈ যাব সেয়া হব লক্ষ্যণীয়। 
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?