--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : প্ৰতি বছৰে ২০ মাৰ্চত আন্তৰ্জাতিক সুখ দিৱস পালন কৰা হয়।২০১২ চনৰ জুন মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে প্ৰতিষ্ঠা কৰা আন্তৰ্জাতিক সুখ দিৱসৰ লক্ষ্য হৈছে মানুহে নিজৰ জীৱনত সুখ আৰু মংগলৰ গুৰুত্ব উপলব্ধি কৰা। এই উপলক্ষে আজি (২০ মাৰ্চ) অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ ৱেলবিয়িং ৰিচাৰ্চ চেণ্টাৰ, গ্যালাপ আৰু ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়ন সমাধান নেটৱৰ্কৰ দ্বাৰা পৰিচালিত বিশ্ব সুখৰ প্ৰতিবেদন প্ৰকাশ পায়। প্ৰতিবেদনত সামাজিক সমৰ্থন, আয়, আয়ুস, আৰু দুৰ্নীতিৰ মাত্ৰা আদিকে ধৰি বিভিন্ন মাপকাঠীৰ ভিত্তিত দেশসমূহৰ ৰেটিং দিয়া হৈছে।

সুখী দেশৰ তালিকাত প্ৰথম স্থানত আছে ফিনলেণ্ড। একেৰাহে ৮ বাৰৰ বাবে ফিনলেণ্ডে এই স্থান দখল কৰিবলৈ সক্ষম হয়। সুখী দেশৰ তালিকাত থকা শীৰ্ষ ১০ খন দেশৰ নাম তলত উল্লেখ কৰা হ’ল-


১)ফিনলেণ্ড
২)ডেনমাৰ্ক
৩)আইচলেণ্ড
৪)ছুইডেন
৫)নেডাৰলেণ্ড
৬)কোষ্টা ৰিকা
৭)ন’ৰৱে
৮)ইজৰাইল
৯)লাক্সেমবাৰ্গ
১০)মেক্সিকো

আন্তৰ্জাতিক সুখ দিৱস উপলক্ষে বৃহস্পতিবাৰে ৰাষ্ট্ৰসংঘই ২০২৫ চনৰ বিশ্ব সুখ প্ৰতিবেদন( world happiness index) প্ৰকাশ কৰে। এই প্ৰতিবেদনত ১৪৭ খন দেশৰ ভিতৰত ভাৰতৰ স্থান আছে ১১৮ নম্বৰত।

ৱৰ্ল্ড হেপিনেছ ৰিপৰ্ট ২০২৫ অনুসৰি ভাৰত ১৪৭খন দেশৰ ভিতৰত ১১৮ নম্বৰ স্থানত অব্যাহত আছে। ইফালে যুক্তৰাজ্য ২৩, আমেৰিকা ২৪, চীন ৬৮, নেপাল ৯২, পাকিস্তান ১০৯ নম্বৰত। ২০২৫ চনৰ বিশ্ব সুখ প্ৰতিবেদনত আফগানিস্তানে শেষ স্থান লাভ কৰিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?