--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
 

১৩  নৱেম্বৰ ২০২৩, সোমবাৰ
 
১. মেষ ৰাশি (অ,ল) : -   আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব, ভ্ৰমণত সুখ শান্তি বাঢ়িব, লগতে আজি যিসকল ব্যক্তিয়ে ৰাজনীতিৰ লগত জড়িত তেওলোকৰ সুনাম বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি (উ,ব) :- আজিৰ দিনটোত ব্যৱসায়িকভাৱে লাভাৱান্বিত হ'ব পাৰিব, ৰাজনৈতিক সা-সুবিধা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য মনৰ উৎসাহ হ্ৰাস হোৱাৰ যোগ দেখা যায়। 

৩. মিথুন ৰাশি (ক,ছ):-   আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সামান্য পৰিশ্ৰম বাঢ়িব পাৰে, ছাত্ৰ ছাত্ৰী সকলৰ পঢ়া শুনাত শুভ বুলি কব পাৰি, সামগ্ৰী লাভ কৰিব পাৰে, লগতে আজি আপোনাৰ ভ্ৰমণত সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি (ড,হ) : - যিসকল শিল্পী আছে তেওঁলোকৰ শুভ বুলি কব পাৰি, যদিও আজি আপুনি সজাগ নহ'লে সামান্য সঞ্চিত ধন খৰচ হ'ব পাৰে লগতে আজি আপোনাৰ মনত অশান্তি সৃষ্টি হ'ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

৫. সিংহ ৰাশি (ম,ট) :-  যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকে সন্তানৰ সুখ লাভ কৰিব, যদিও আজি আপোনাৰ ক্ষতি হ'ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব লগতে আজি আপোনাৰ স্বাস্থ্যৰ প্ৰতি নজৰ ৰখাটো ভাল হ'ব।

৬. কন্যা ৰাশি (প,ঠ) : -  আজিৰ দিনটোত মনত নতুন আশাৰ সঞ্চাৰ হ'ব, উকীল পুলিচ প্ৰশাসনৰ লগত জড়িত ব্যক্তি সকলৰ কৰ্মত সুনাম অৰ্জন কৰিবলৈ সক্ষম হব, যদিও আজি আপুনি সজাগ নহ'লে সৰু সুৰা কথাই আপোনাৰ মনত সামান্য চিন্তা ভাৱ সৃষ্টি কৰিব পাৰে।

৭. তুলা ৰাশি (ৰ,ত): -আজিৰ দিনটোত ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হ'ব, কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব যদিও আজি আপুনি সজাগ নহ'লে ভাতৃ স্থানীয় ব্যক্তিৰ লগত সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়। 

৮. বৃশ্চিক ৰাশি (ন,য): -আজিৰ দিনটোত সাহসেৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব, যদিও আজি আপুনি ঘৰুৱা কৰ্মত সকলো দিশতে সজাগ হোৱাটো ভাল হ'ব।  

৯. ধনু ৰাশি (ধ,ভ): -  আজিৰ দিনটোত নতুন প্ৰেমৰ আৰম্ভণি হ'ব পাৰে, ছোৱালী সকলৰ মনত আনন্দ বাঢ়িব, যদিও আজি আপুনি শত্ৰুৰ পৰা সাৱধান হোৱাটো ভাল হ'ব।

১০. মকৰ ৰাশি (খ,জ):  -আজিৰ দিনটোত পুৰণি সমস্যাৰ সমাধান হ'ব, জ্ঞান আহৰণৰ সুযোগ লাভ কৰিব, লগতে আজি আপোনাৰ ভ্ৰমণৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি (গ,শ,স): -  আজিৰ দিনটোত কৰ্মক্ষেত্ৰত নতুন নতুন যোগাযোগ হ'ব, ভাল ব্যক্তিৰ সান্নিধ্য লাভ, লগতে আজি আপুনি কৰ্মত নতুন নতুন আঁচনি গ্ৰহণ কৰিবলৈ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।

১২. মীন ৰাশি ( দ,চ) :-  আজিৰ দিনটোত  দক্ষতাৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব, লগতে আজি আপুনি ব্যৱসায়িক ভাৱে লাভাৱান্বিত  হোৱাৰ যোগ দেখা যায়।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?