--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
০৯/০৫/২৪, বৃহস্পতিবাৰ

মেষ ৰাশি : আপুনি শাৰীৰিকভাৱে সুস্থ হ’ব ৷ কামৰ আনন্দ উপভোগ কৰিব ৷  ভ্ৰমণৰ সময়ত সতৰ্ক হৈ থাকক ৷ ধন ব্যয় হ’ব পাৰে ৷ সন্তানক লৈ উদ্বেগ হ’ব পাৰে ৷ আত্মীয়ৰ পৰা খবৰ পাব পাৰে ৷


বৃষ ৰাশি : দিনটো আপোনাৰ আনন্দ আৰু শান্তিৰে পাৰ হ’ব ৷ ভাতৃ-ভগ্নীৰ পৰা সাহাৰ্য লাভ কৰিব ৷ ওচৰৰ কোনোবা পৰ্যটন ক্ষেত্ৰলৈ ফুৰিব যাব পাৰে ৷ আজি আপুনি উদ্বেগমুক্ত অনুভৱ কৰিব ৷ যিয়ে কৰিব তাতেই সফলতা পাব ৷

মিথুন ৰাশি : মধ্যমীয়া হ'ব দিনটো। স্বামী-স্ত্ৰী আৰু সন্তানৰ স্বাস্থ্যক লৈ চিন্তিত থাকিব ৷ তৰ্ক-বিতৰ্কৰ পৰা দূৰত থাকক ৷ লাঞ্ছনা কৰাৰ সুযোগ কাকো নিদিব ৷ পেটৰ সমস্যাই দেখা দিব পাৰে ৷ ভ্ৰমণ এৰাই চলক ৷

কৰ্কট ৰাশি:কথা নিয়ন্ত্ৰণ কৰক ৷ খং নিয়ন্ত্ৰণ কৰক ৷ স্বাস্থ্যক লৈ সাৱধান হওক ৷ অবৈধ কাৰ্যকলাপত লিপ্ত নহ’ব ৷ অস্থিৰ হৈ থাকিব পাৰে ৷ নেতিবাচক মনোভাৱে ব্যক্তিগত জীৱনত বেয়া প্ৰভাৱ পেলাব পাৰে ৷ আপোনাৰ আৰাধ্য দেৱতাক সঠিকভাৱে স্মৰণ কৰক ৷

সিংহ ৰাশি: দিনটো আপুনি আনন্দিত হৈ থাকিব ৷ আপুনি মানসিকভাৱে সুস্থ অনুভৱ কৰিব ৷ পৰিকল্পনা অনুসৰি সকলো কাম সম্পন্ন হ’ব ৷ আৰ্থিক লাভৰ যোগ আছে ৷ পিতৃ-মাতৃৰপৰা সুসংবাদ পাব ৷ পিতৃ-মাতৃৰ দ্বাৰা উপকৃত হ’ব ৷ অসুস্থ সকল সুস্থ হৈ উঠিব ৷ সহকৰ্মীৰপৰা সহযোগিতা লাভ কৰিব ৷

কন্যা ৰাশি: সাংসাৰিক পৰিৱেশ আনন্দময় হৈ থাকিব ৷ আপোনাৰ ব্যৱহাৰে সফলভাৱে সকলো কাম সম্পূৰ্ণ কৰিব পাৰিব ৷ বৌদ্ধিক আলোচনাৰপৰা দূৰত থাকক ৷ মিঠাই আদি খাই আনন্দ পাব পাৰে ৷ ভ্ৰমণৰ যোগ আছে ৷ ব্যয় নিয়ন্ত্ৰণ কৰক ৷ পঢ়ুৱৈসকলৰ বাবে সময় জটিল ৷

তুলা ৰাশি: আৰ্থিক দিশৰ পৰিকল্পনা প্ৰণালীবদ্ধভাৱে কৰক ৷ বহুতো সৃজনশীল চিন্তাধাৰা আপোনাৰ মনত উপজিব ৷ সুস্থ শৰীৰ আৰু সুস্থ মনৰ অধিকাৰী হৈ থাকিব ৷ কামত মনোযোগী হ’ব ৷ সময়ত কাম শেষ কৰিব পাৰিব৷ আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হ’ব ৷ আনন্দ আৰু মনোৰঞ্জনৰ নামত বহুত টকা খৰছ কৰিবলগীয়া হ’ব পাৰে ৷

বৃশ্চিক ৰাশি: আগ্ৰাসী মনোভাৱ আৰু কথা-বতৰাক নিয়ন্ত্ৰণ কৰক৷ উদ্বেগ আৰু শাৰীৰিক সমস্যাৰ বাবে বিভ্ৰান্ত হৈ থাকিব ৷ গাড়ী চলাওঁতে সাৱধান হওক ৷ সম্ভৱ হ’লে ছাৰ্জাৰী নকৰাব ৷ প্ৰিয়জন আৰু পৰিয়ালৰ লোকৰ সৈতে বিবাদত লিপ্ত হ’ব পাৰে ৷ মামলা-মোকৰ্দমা এৰাই চলক ৷ মনোৰঞ্জনৰ নামত খৰছ হ’ব পাৰে ৷

ধনু ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে ফলদায়ক ৷ আৰ্থিক, সামাজিক আৰু ব্যক্তিগত ক্ষেত্ৰত লাভবান হ’ব পাৰে ৷ প্ৰিয়জনৰ ভ্ৰমণত যাব পাৰে ৷ ব্যৱসায়ৰ কাৰণে দিনটো ভাল ৷ বিবাহপ্ৰাৰ্থীসকলে আদৰ্শ সংগী বা সংগিনী বিচাৰি পাব ৷

মকৰ ৰাশি: আনন্দিত হৈ থাকিব৷ বন্ধু আৰু প্ৰিয়জনসকলক লগ পোৱাৰ যোগ আছে ৷ ধনৰ সমস্যাত পৰিব পাৰে ৷ কিন্তু আপোনাৰ লাভহে হ’ব ৷ কৰ্মক্ষেত্ৰত ধন আৰু সন্মান অৰ্জন কৰিব ৷ সাৱধানে থাকক, দুৰ্ঘটনা হ’ব পাৰে ৷

কুম্ভ ৰাশি: সামাজিক স্বীকৃতি লাভ কৰিব পাৰে ৷ আৰ্থিক লাভৰ যোগ আছে ৷ আপোনাৰ জীৱন সুখ আৰু পৰিতৃপ্তিৰে ভৰি পৰিব ৷ বৌদ্ধিক আলোচনাত অংশগ্ৰহণ কৰিব পাৰে, কিন্তু ভাবি চিন্তি কথা পাতিব ৷ আজি আপোনাৰ মনত অজস্ৰ চিন্তা হ’ব পাৰে ৷


মীন ৰাশি : বেয়া চিন্তাই আজি আপোনাক বিষণ্ণ কৰি ৰাখিব ৷ পৰিয়ালৰ লোকৰ সৈতে বিবাদৰ সম্ভাৱনা আছে ৷ ব্যয় বৃদ্ধি হ’ব পাৰে ৷ ব্যৰ্থতাৰ মুখামুখি হ’ব পাৰে ৷ অনাহাৰে থাকিবলগীয়া হ’ব পাৰে ৷ টোপনি ভাল নহ’ব পাৰে ৷ হৃদৰোগত ভুগিব পাৰে ৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?