--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই চি চি চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত আজি ডুবাইত ভাৰত আৰু নিউজিলেণ্ডে প্রতিদ্বন্দ্বিতা কৰিব। ফাইনেল মেচখনত জুৱাৰ বজাৰত প্ৰায় ৫ হাজাৰ কোটি টকাৰ বাজি ধৰা হৈছে। ভাৰতীয় নিৰাপত্তা সংস্থাসমূহে এই আশংকা প্রকাশ কৰিছে। 

এই মেচখনত আন্তঃৰাষ্ট্ৰীয় জুৱাৰীৰ ফেভাৰিট টীম হ'ল ভাৰত। নিৰাপত্তা সংস্থাসমূহে প্রকাশ কৰা অনুসৰি কুখ্যাত ডি-কোম্পানীকে ধৰি সমগ্র বিশ্বৰে আগশাৰীৰ জুৱাৰীয়ে এই মেচখনত চকু ৰাখিছে। এই কথা জনাৰ পাছত নিৰাপত্তা বাহিনীসমূহ সতর্ক হৈ পৰিছে। নিৰাপত্তা সংস্থাসমূহৰ শীৰ্ষ বিষয়াসকলে প্ৰকাশ কৰা অনুসৰি ডুবাইত অনুষ্ঠিত হোৱা আগশাৰীৰ প্রতিখন ক্রিকেট প্রতিযোগিতাতে দেশ আৰু বিদেশৰ জুৱাৰীসকল মহানগৰখনত উপস্থিত হয়। 

সূত্রসমূহে প্রকাশ কৰা অনুসৰি ভাৰতৰ মষ্ট ৱান্টেড কুখ্যাত অপৰাধী ডাউদ ইব্রাহীমেও (ডি-কোম্পানী) এই মেচখনত প্রত্যক্ষভাৱে দৃষ্টি ৰাখিছে। ভাৰতৰ দিল্লীৰ লগতে ভাৰতৰ আৰক্ষীয়ে বিচাৰি ফুৰা কেইবাজনো জুৱাৰীয়েও ক্রিকেটক লৈ জুৱাৰ এখন বিশাল নেটৱৰ্ক চলাই আছে। উল্লেখযোগ্য যে প্রতিযোগিতাখন চলি থকাৰ সময়তে দিল্লীৰ পৰা ৫জন জুৱাৰীক গ্ৰেপ্তাৰ কৰা হয়। 

আৰক্ষীৰ জেৰাত এই জুৱাৰীকেইজনে দিয়া স্বীকাৰোক্তিৰ পৰা জানিব পৰা মতে, ক্রিকেটক লৈ হাজাৰ হাজাৰ কোটি টকাৰ জুৱাৰ বজাৰ চলি আছে। এই জুৱাৰ বজাৰবোৰৰ মূল ঘাটি হ'ল ডুবাই। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ প্ৰতিযোগিতাৰ ছেমি ফাইনেল মেচখন চলি থকাৰ সময়তে দিল্লী পুলিচে দুটা জুৱাৰীক গ্ৰেপ্তাৰ কৰে। এই জুৱাৰী দুটাই দিয়া তথ্যৰ পৰা জানিব পৰা মতে, জুৱাৰীৰ দিল্লীৰ পৰা ডুবাইলৈকে সম্পর্ক আছে। গ্ৰেপ্তাৰ কৰা জুৱাৰীকেইটাই প্ৰকাশ কৰা অনুসৰি ক্ৰিকেট খেলক লৈ বাজি ধৰাৰ এই নেটৱৰ্ক ডুবাইৰ পৰা নিয়ন্ত্রিত হয়। এই ৰেকেটৰ মাষ্টাৰ মাইণ্ড ছটো বানছাল নামৰ এটা জুৱাৰীও বুলি জনা গৈছে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?