ডিজিটেল ডেস্ক
আজি ধনতেৰাছ৷ বছৰটোৰ সাঁচতীয়া টকাৰে বহুতে আয়োজন কৰিছে সোণ ক্ৰয় কৰিবলৈ৷ বহুতে সোণ ক্ৰয় কৰিবলৈ আজিৰ দিনটোলৈ অপেক্ষা কৰি থাকে৷
ধনতেৰাছৰ দিনটো সোণ আৰু ৰূপৰ দৰে মূল্যৱান ধাতু ক্ৰয় কৰাৰ বাবে শুভ বুলি গণ্য কৰা হয়।
আৰু আজিৰ দিনটোত ধনলক্ষ্মী আৰু কুবেৰক পূজা কৰা হয়৷ কিন্তু বহুতে নাজানে যে কোন সময়ত ধন ক্ৰয় কৰা উচিত৷ অথবা ধনতেৰাছৰ কোনখিনি সময়ত সোণ ক্ৰয় কৰিলে অধিক সুফল লাভ কৰিব পাৰি৷
কোনখিনি সময় সোণ ক্ৰয়ৰ বাবে উত্তম :
ধনতেৰাছ উৎসৱটো এই বছৰৰ ২৩ অক্টোবৰত উদয় তিথিত উদযাপন কৰা হ'ব যদিও সোণ, ৰূপ, বাচন- বৰ্তন, কাপোৰ আৰু অন্যান্য সামগ্ৰী ক্ৰয় কৰাৰ বাবে শুভ সময় ২২ অক্টোবৰৰ পৰা অৰ্থাৎ আজিৰ পৰাই আৰম্ভ হ'ব। সেয়ে ধনতেৰাছৰ আগদিনাও সোণ,ৰূপ ক্ৰয় কৰাত বাধা নাই৷
ধনতেৰাছত বজাৰ কৰাৰ শুভ সময়
আজি অৰ্থাৎ শনিবাৰে ৫.০২ বজাৰ পৰা পুৱা ৬.২৭ বজালৈ, সন্ধিয়া ৬.০২ বজাৰ পৰা সন্ধিয়া ৭.২০ বজালৈ আৰু সন্ধিয়া ৮.৫৫ বজাৰ পৰা ১.৫৬ বজালৈ সোণ ক্ৰয় কৰিব পাৰিব৷ আনহাতে, ২৩ অক্টোবৰত সোণ ক্ৰয় কৰাৰ শুভ সময় হৈছে পুৱা ৬.২৭ বজাৰ পৰা সন্ধিয়া ৬.০৩ বজালৈ। এই দিনটোৰ অন্যান্য মুহুৰ্ত হৈছে পুৱা ৮.০২ বজাৰ পৰা ১২.২৩ বজালৈ, আবেলি ১.৫০ বজাৰ পৰা আবেলি ৩.১৬ বজালৈ আৰু সন্ধিয়া ৫.৪৪ বজাৰ পৰা সন্ধিয়া ৬.০৩ বজালৈ।