--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অক্টোবৰ মাহ মানে উৎসৱৰ মাহ। এটাৰ পাছত আহে আনটো উৎসৱ, আগন্তুক ২৩ অক্টোবৰত দেশজুৰি পালিত হ’ব ধনতেৰছ। আনহাতে ২৪ অক্টোবৰত পালন কৰা হ’ব নৰক চতুৰ্দশী আৰু দীপাৱলী। ইয়াৰ পাছত ক্ৰমান্বয়ে ২৫ আৰু ২৬ অক্টোবৰত পালিত হ’ব গোবৰ্ধন পূজা ভাইদুজ। দীপাৱলীত মালক্ষ্মীক পূজা কৰি সুখ-সমৃদ্ধিৰ উৎসৱ হিচাপে পালন কৰা হয়। ধনতেৰছ উপলক্ষে মালক্ষ্মী আৰু কুবেৰৰ লগতে ভগৱান ধনৱন্তৰী পূজা কৰা হয়। এই দিনটোত বাচন-বৰ্তন ক্ৰয় কৰাটো অত্যন্ত শুভ বুলি ধৰা হয়। লগতে ধনতেৰছৰ দিনা সোণ, ৰূপ আৰু ধাতুৰ সামগ্ৰী ক্ৰয় কৰা হয়। কিন্তু আপুনি জানেনে যে ধনতেৰছৰ উপলক্ষে মাত্ৰ পাঁচটকীয়া এটা সামগ্ৰীয়ে আপোনাৰ জীৱনটো সুখ-সমৃদ্ধিৰে ভৰাই তুলিব।

ধনতেৰছত ক্ৰয় কৰক এই ৫টকীয়া সামগ্ৰী-

আগন্তুক ধনতেৰছ উপলক্ষে মাত্ৰ পাঁচ টকাৰ গোটা ধনীয়া কিনি আনক। এই অলপ গোটা ধনীয়াই সলনি কৰিব আপোনাৰ ভাগ্য। পূজাঘৰ বা মন্দিৰত এই গোটা ধনীয়াখিনি ৰাখক। দীপাৱলীৰ দিনা মালক্ষ্মীক পূজা কৰোতে এই গোটা ধনীয়া মাতৃৰ চৰণত আগবঢ়াওক। পিছদিনা এই ধনীয়া ঘৰৰ পাত্ৰ বা বাৰীত ছটিয়াই দিব। এই ধনীয়া গজা দেখিলে জানিব আগন্তুক বছৰত আপোনাৰ পৰিয়ালৰ আৰ্থিক অৱস্থা কেনেকুৱা হ’ব। ধনীয়া গছজোপা যদি সেউজীয়াকৈ ফুলিব, কিন্তু গছবোৰ পাতল হ’ব, তেন্তে আপোনাৰ উপাৰ্জন স্বাভাৱিক হ’ব। কিন্তু যদি গছজোপা হালধীয়া হ’ব বা গছজোপা নগজে, তেন্তে আগন্তুক সময়ত আপুনি হয়তো আৰ্থিক সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?