--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
আজি মহালয়া। শৰৎ মানেই উছৱৰ পয়োভৰ,শৰৎ মানেই ৰং-আনন্দৰ সমাহাৰ। শৰতৰ এই মায়াসনা বতৰতে আজি মা দুৰ্গাক পৃথিৱীলৈ আমন্ত্ৰণ কৰা হ’ব। বিশ্বাস কৰা হয় যে আজিৰ দিনটোতে মা দুৰ্গা কৈলাশ পৰ্বতৰ পৰা পৃথিৱীলৈ ৰাওনা হয়। মা দুৰ্গা মহালয়াৰ সন্ধিয়া পৃথিৱীলৈ আহি গোটেই নটা দিন ইয়াতে থাকি পৃথিৱীৰ মানুহবোৰৰ ওপৰত আশীৰ্বাদৰ বৰষুণ সিঁচে।

আজিৰে পৰা দেৱী বন্দনাত ব্যস্ত হৈ পৰিছে ভক্তসকল। মাতৃক আদৰিবলৈ সকলোফালৰ পৰাই প্ৰস্তুতি চলাইছে ভক্তসকলে। আজিৰ দিনটোতে মৃণ্ময় শিল্পীসকলে প্ৰতিমাত শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰে।

মহালয়াৰ সৈতে কাইলৈৰ পৰা আৰম্ভ হ’ব দুৰ্গা পূজা উৎসৱ তথা নৱৰাত্ৰি। প্ৰথমে মা দুৰ্গাৰ প্ৰথম ৰূপ শৈলপুত্ৰীক কলহ স্থাপন কৰি পূজা কৰা হ’ব। বিজয়াদশমী উপলক্ষে মাতৃৰ মূৰ্তি বিসৰ্জনেৰে এই উৎসৱৰ সামৰণি পৰিব।

নৱৰাত্ৰী উৎসৱ মা দুৰ্গাৰ নটা ৰূপক উৎসৰ্গিত কৰা হৈছে। ৯ দিন ধৰি ভক্তসকলে ভক্তিৰে মা দুৰ্গাৰ বিভিন্ন ৰূপক পূজা কৰিব। এইবাৰ মা দুৰ্গা হাতীত উঠি আহিব স্বৰ্গৰ পৰা পৃথিৱীলৈ।

মহালয়াৰ দিনা দেওবাৰে পিতৃপক্ষ অমাৱশ্যাও আছে। আজি পিতৃপক্ষৰ অন্তিম দিন। সেইবাবেই আজিৰ দিনটোত মানুহে নদী, পুখুৰী, ঘাটত পূৰ্বপুৰুষক স্মৰণ কৰি প্ৰাৰ্থনা কৰিব। এনে কৰিলে পূৰ্বপুৰুষৰ আত্মা সন্তুষ্ট হয় আৰু তেওঁলোকে সুখেৰে গুচি যায় বুলি বিশ্বাস কৰা হয়। 

হিন্দু ধৰ্মত মহালয়াৰ যথেষ্ট গুৰুত্ব আছে। মহালয়াৰ পৰাই আৰম্ভ হয় দুৰ্গা পূজা। এই দিনটোক নৱৰাত্ৰি আৰু পিতৃপক্ষৰ সন্ধিকাল বুলিও কোৱা হয়। দুৰ্গাপূজাৰ পূৰ্বে মহালয়াৰ নিজস্ব বিশেষ তাৎপৰ্য্য আছে। 

গোটেই বছৰটো মানুহে মহালয়াৰ বাবে অপেক্ষা কৰে। মহালয়া কি? হিন্দু শাস্ত্ৰ অনুসৰি মহালয় আৰু পিতৃপক্ষ অমাৱশ্যা একেদিনাই পালন কৰা হয়। দুৰ্গা পূজাত মা দুৰ্গাৰ মূৰ্তিৰ বিশেষ তাৎপৰ্য্য আছে আৰু এই মূৰ্তিবোৰে পূজা মণ্ডপৰ সৌন্দৰ্য্য বৃদ্ধি কৰে। মহালয়াৰ সৈতে কাইলৈৰ পৰা আৰম্ভ হ’ব দুৰ্গা পূজা উৎসৱ তথা নৱৰাত্ৰি। 

মা দুৰ্গাৰ ওপৰত বিশ্বাস থকা লোকসকলে এই দিনটোৰ বাবে অবিৰতভাৱে অপেক্ষা কৰি মহালয়াৰ লগতে দুৰ্গা পূজা আৰম্ভ কৰে। বিশ্বাস কৰা হয় যে মহালয়াৰ দিনা পূৰ্বপুৰুষক বিদায় দিয়া হয় আৰু মাতৃক পৃথিৱীলৈ আদৰণি জনোৱা হয়। কৈলাশ পৰ্বতৰ পৰা মাতৃ পৃথিৱীলৈ আহে। আজিৰ দিনটোত দেৱী দুৰ্গাই তেওঁৰ সন্তান-লক্ষ্মী, কাৰ্তিক, সৰস্বতী আৰু গণেশৰ সৈতে ধৰালৈ নামি আহে। পৃথিৱীখন দেৱী পাৰ্বতীৰ মাতৃগৃহ বুলি কোৱা হয়। দেৱী মাতৃগৃহলৈ আহে আৰু নৱৰাত্ৰিৰ ৯ দিনত পৃথিৱীত বাস কৰি আসুৰিক শক্তিবোৰ ধ্বংস কৰে।

সেয়ে মহালয়াৰ দিনা মা দুৰ্গাক আদৰিবলৈ বিশেষ প্ৰাৰ্থনা কৰা হয়। মা দুৰ্গাৰ আশীৰ্বাদে সকলোকে কুশলে ৰাখক সেয়াই প্ৰাৰ্থনা।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?