--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

গুৱাহাটী : আজি নিৰ্বাচনৰ মনোনয়ন পত্ৰ দিব বহুকেইজন গুৰুত্বপূৰ্ণ প্ৰাৰ্থীয়ে৷ দুলীয়াজানত মনোনয়ন দিব লুৰীণজ্যোতি গগৈয়ে৷ ইপিনে অগপৰ সভাপতি অতুল বৰাৰ সৈতে বোকাখাতত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷ গহপুৰত মনোনয়ন দিব অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই৷ লগত উপস্থিত থাকিব জিতেন্দ্ৰ সিং, গৌৰৱ গগৈ, ৰকিবুল হুছেইনসহ বহু নেতা৷

আৰু পঢ়িব পাৰিব : আজি শিৱসাগৰত মনোনয়ন পত্ৰ দাখিল কৰিব অখিল গগৈৰ…

ঢকুৱাখনাত মনোনয়ন দিব নৱ কুমাৰ দলেই৷ নৱ দলেকো সংগ দিব মুখ্যমন্ত্ৰী সোণোৱালে৷ গোলাঘাটত মনোনয়ন দিব বিজেপি প্ৰাৰ্থী অজন্তা নেওগে, মাৰ্ঘেৰিটাত মনোনয়ন দিব বিজেপি প্ৰাৰ্থী ভাস্কৰ শৰ্মাই, গোলাঘাট, নাজিৰাত উপস্থিত থাকিব হিমন্ত বিশ্ব শৰ্মা, যোৰহাটত মনোনয়ন দিব কংগ্ৰেছৰ ৰানা গোস্বামীয়ে, লখিমপুৰত মনোনয়ন দিব অগপৰ উত্পল দত্তই, বিজেপিৰ মানৱ ডেকা, কংগ্ৰেছৰ ডাঃ জয়প্ৰকাশ দাসেও দিব মনোনয়ন৷

ইপিনে বিহপুৰীয়াত মনোনয়ন দিব কংগ্ৰেছৰ ভূপেন বৰাই, নাওবৈচাত মনোনয়ন দিব অগপৰ জয়ন্ত খাউণ্ডে, চতিয়াত মনোনয়ন দিব বিজেপিৰ পদ্ম হাজৰিকাই, ধেমাজিত মনোনয়ন দিব বিজেপি প্ৰাৰ্থী ডাঃ ৰণোজ পেগুৱে, জোনাইত মনোনয়ন দিব বিজেপিৰ ভুৱন পেগুৱে, কলিয়াবৰত মনোনয়ন দিব অগপৰ বিধায়ক কেশৱ মহন্তই, মাজুলীত মনোনয়ন দিব এজেপিৰ শিশুধৰ দলেই, সৰুপথাৰত মনোনয়ন দিব বিজেপিৰ বিশ্বজিৎ ফুকনে, কলিয়াবৰ, সৰুপথাৰত উপস্থিত থাকিব ৰঞ্জিত কুমাৰ দাস৷

আৰু পঢ়িব পাৰিব : বিজেপি-অগপ-ইউপিপিএলৰ যৌথ সংবাদমেল: বিজেপিৰ প্ৰাৰ্থীৰ সাক্ষাৎ অতুল বৰা

মাৰ্ঘেৰিটাত মনোনয়ন দিব বিজেপি প্ৰাৰ্থী ভাস্কৰ শৰ্মাই৷ শিৱসাগৰত আজি অখিল গগৈৰ হৈ মনোনয়ন পত্ৰ দাখিল৷ অখিলৰ হৈ মনোনয়ন দিব ৰাইজৰ দলৰ নেতৃবৰ্গই৷ আজি গোলাঘাটৰ কংগ্ৰেছ প্ৰাৰ্থী বিতোপন শইকীয়াৰো মনোনয়ন, খুমটাইত মনোনয়ন দিব এজেপিৰ পৱন শইকীয়াই, থাওৰাত মনোনয়ন দিব কংগ্ৰেছৰ সুশান্ত বুঢ়াগোহাঁয়ে, থাওৰাৰ বিজেপি প্ৰাৰ্থী কুশল দুৱৰীৰো আজি মনোনয়ন, আমগুৰিত মনোনয়ন দিব অংকিতা দত্ত, প্ৰদীপ হাজৰিকাই৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?