--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : চাৰিদিনীয়া ভ্ৰমণসূচীৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স আজি পুৱা নতুন দিল্লীত উপস্থিত হয়। উপ-ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে তেওঁৰ পত্নী অর্থাৎ আমেৰিকাৰ ছেকেণ্ড লেডী ঊষা ভেন্স, তেওঁলোকৰ সন্তান আৰু আমেৰিকাৰ প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকলো উপস্থিতি থাকিব। 

উল্লেখযোগ্য যে উপ-ৰাষ্ট্ৰপতি ভেন্সৰ এয়া হ'ব প্ৰথমটো ভাৰত ভ্রমণ। মার্কিন উপ-ৰাষ্ট্ৰপক্তিগৰাকীয়ে সোমবাৰে সন্ধিয়া প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব। মার্কিন উপ-ৰাষ্ট্ৰপতি আৰু তেওঁৰ প্ৰতিনিধিসকলে দিল্লীত বিভিন্ন কাৰ্যসূচীত অংশ লোৱাৰ লগতে ৱাশ্বিংটনলৈ উভতি যোৱাৰ পূর্বে জয়পুৰ-আগ্রা ভ্রমণ কৰিব। উল্লেখযোগ্য যে এই ভ্রমণকালত আমেৰিকা আৰু ভাৰত দুয়ো পক্ষই পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু বিশ্বব্যাপী উন্নয়নৰ সন্দৰ্ভতো মত বিনিময় কৰিব। 

চলিত বৰ্ষৰ ১৩ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকা ভ্ৰমণৰ সময়ত প্ৰকাশ কৰা ভাৰত মার্কিন যুটীয়া বিবৃতিৰ ফলাফলসমূহৰ ৰূপায়ণ আৰু দ্বিপাক্ষিক সম্পৰ্কৰ অগ্রগতি পৰ্যালোচনা কৰাৰ সুযোগ মার্কিন উপ-ৰাষ্ট্ৰপতিজনৰ এই ভাৰত ভ্রমণে প্রদান কৰিব।


উৎসঃ দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?