ডিজিটেল ডেস্ক : আজি দেশজুৰি পালন হ’ব পোহৰৰ উৎসৱ দিপাৱলী৷ গধুলি ঘৰৰ চৌপাশ উজলি উঠিব চাকিৰ পোহৰত৷ আৰু এই উৎসৱৰ বতৰত প্ৰিয়জনক আপুনি উপহাৰ দিব বিচাৰে নেকি? এটি উপহাৰৰ বাবে আপোনাৰ প্ৰিয়জনৰ মুখত উজলি উঠিব পাৰে এটি মিচিকীয়া হাঁহি৷ আজি হোৱাটছ এপতেই হওক বা ছ’চিয়েল মিডিয়াতেই হওক দেৱালীৰ শুভেচ্ছাৰে ভৰি পৰে। পিছে এইবাৰ দীপাৱালীত আপোনাৰ প্ৰিয়জনক কেনেধৰণৰ শুভেচ্ছা প্ৰেৰণ কৰিব? পলম নকৰাকৈ আপোনাৰ প্ৰিয়জনক শুভেচ্ছা প্ৰেৰণ কৰিব পাৰে।

দীপাৱালী হৈছে পোহৰ আৰু আনন্দেৰে ভৰি থকা এটা দিন। দেশজুৰি পালন হোৱা পোহৰৰ উৎসৱে এই দিনটো অতি আনন্দেৰে উদযাপন কৰে। আজিৰ দিনটোত ইজনে সিজনলৈ প্ৰেৰণ কৰে শুভেচ্ছাবাণী। বৰ্তমান সময়ত স্মাৰ্টফোনত দীৱালীৰ শুভেচ্ছা বিশেষভাৱে জনপ্ৰিয়।

গতিকে এনে উৎসৱত এটি চকলেটৰ পেকেট অথবা মিঠাইৰে আপোনাৰ প্ৰিয়জনক দিব পাৰে দীপাৱলীৰ শুভেচ্ছা৷ আজিকালি বজাৰত নানাৰঙী লাইটো উপলদ্ধ হয়৷ এই ৰঙীন লাইট উপহাৰ দি আপুনি প্ৰিয়জনৰ অন্তৰ জয় কৰিব পাৰে৷