--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্রত প্রায় ৯ মাহ আবদ্ধ হৈ থকাৰ পাছত আমেৰিকাৰ মহাকাশচাৰীদ্বয় সুনীতা উইলিয়ামছ আৰু বুচ্চউইলম'ৰ আজি সন্ধিয়া পৃথিৱীলৈ উভতি আহিব।

আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই এই কথা প্রকাশ কৰে। নাছাই কালি এটা বিবৃতিত কয় যে তেওঁলোকক লৈ অহা স্পেচএক্সৰ ক্রু ড্রেগন মহাকাশযানখনে আমেৰিকাৰ ফ্লৰিডা উপকূলত আজি সন্ধিয়া (স্থানীয় সময়মতে) ৫-৫৭ বজাত (ভাৰতীয় সময়মতে কাইলৈ শেষ নিশা ৩-৩০ বজা) অৱতৰণ কৰিব। 

তেওঁলোকৰ লগত ৰাছিয়াৰ এজন মহাকাশচাৰীও আহিব। উল্লেখযোগ্য যে উইলিয়ামছ আৰু উইলম'ৰ যোৱা বছৰ জুনত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্রলৈ গৈছিল। তেওঁলোক বয়িং ষ্টাৰলাইনাৰ যানত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্রত উপস্থিত হৈছিল, কিন্তু যানখনত দেখা দিয়া বিজুতিৰ বাবে তেওঁলোক উভতি অহাত সমস্যাৰ সৃষ্টি হয়। ফলত তেওঁলোক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্রত প্রায় ৯ মাহ আবদ্ধ হৈ থাকিবলগীয়া হয়। নাছাই প্ৰকাশ কৰা অনুসৰি সুনীতাৰ পৃথিৱীলৈ প্ৰত্যাৱৰ্তনৰ সময় এনেদৰে নিৰ্ধাৰণ কৰা হৈছে যে মহাকাশ কেন্দ্ৰৰ দলটোৱে তাত নিজৰ সকলো কাম সম্পূৰ্ণ কৰি আহিব পাৰে।

নাছাই লগতে প্রকাশ কৰে যে ড্রেগন মহাকাশযানখনৰ পৃথিৱীলৈ প্ৰত্যাৱৰ্তনৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হ'ব। এই সম্প্ৰচাৰ আজি পুৱা ৮-৩০ বজাৰ পৰা আৰম্ভ হয়। নাছাৰ মহাকাশচাৰী নিক হেগ আৰু ৰাছিয়াৰ মহাকাশচাৰী আলেকজেণ্ডাৰ গ'ৰবুনভো ড্রেগন কেপছুলত পৃথিৱীলৈ উভতি আহিব। উল্লেখযোগ্য যে সুনীতা আৰু উইলম'ৰ মাত্ৰ কেইদিনমানৰ বাবে মহাকাশ কেন্দ্রটোলৈ গৈছিল।

উৎস- দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?