--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

নতুন দিল্লীঃ পুনৰ চৰ্চাত শিল্পা ছেট্টী। পৰ্ণগ্ৰাফীৰ গোচৰত গ্ৰেপ্তাৰ হোৱা স্বামী ৰাজকুন্দ্ৰাৰ সৈতে বিবাহ-বিচ্ছেদৰ বাবে আগবাঢ়িছে শিল্পা ছেট্টী। বলীউডৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে কালি এটা ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে এই ইংগিত দিছে। সম্প্ৰতি শিল্পাৰ পোষ্টটো ভাইৰেল হৈ পৰিছে। শিল্পাই তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত এখন কিতাপৰ ফটো পোষ্ট কৰিছিল। কিতাপখনৰ পৃষ্ঠাত লিখা কথাখিনিৰ সাৰাংশ হৈছে, ‘আমি প্ৰায়ে আচৰিত হওঁ যে, আমি অতীতত কি ভুল সিদ্ধান্ত লৈছো, কি কি ভুল কৰিছো, আমি আমাৰ বন্ধুবৰ্গক কি আঘাত কৰিছো! কিন্তু যিমানে নাভাৱো কিয় আমি অতীতক সলনি কৰিব নোৱাৰো। অৱশ্যে আমি নতুন পথে আগবাঢ়িব পাৰো, ভাল সিদ্ধান্ত গ্ৰহণ কৰিব পাৰো, পূৰ্বে কৰা ভুল এৰাই চলিব পাৰো। আমাৰ আশে-পাশে থকা সকলোকে ভাল ব্যৱহাৰ কৰিব পাৰো। নিজকে পুনৰ আৱিষ্কাৰ কৰাৰ বহুতো সুযোগ আছে আমাৰ ওচৰত। অতীতত কি কৰিছো সেয়াই আমাৰ পৰিচয় হ’ব নোৱাৰে। মই মোৰ ইচ্ছা অনুসৰি মোৰ নিজৰ ভৱিষ্যত গঢ়িব পাৰো।’

শিল্পাৰ এই পোষ্ট দেখাৰ পাছতে অনেকে ৰাজকুন্দ্ৰাৰ সৈতে বিবাহ-বিচ্ছেদৰ সিদ্ধান্ত গ্ৰহণেৰে শিল্পাই নতুনকৈ জীৱনটো গঢ়িব বিচাৰিছে বুলি ভাবিছে। শিল্পাৰ এগৰাকী ঘনিষ্ঠ বান্ধৱীয়ে জানিবলৈ দিয়া মতে, ‘পৰ্ণগ্ৰাফীৰ গোচৰত আটক হোৱাৰ পাছতে ৰাজকুন্দ্ৰাৰ সৈতে শিল্পাৰ সম্পৰ্কত ফাট মেলিবলৈ লয়। আনকি দুই সন্তানৰ সৈতে ৰাজকুন্দ্ৰাৰ গৃহত্যাগৰ সিদ্ধান্তও লৈছিল শিল্পাই।’ উল্লেখ্য যে, পৰ্ণগ্ৰাফী গোচৰত কৰায়ত্ত ৰাজকুন্দ্ৰাৰ বিৰুদ্ধে দাখিল কৰা চাৰ্জশ্বিটখনক লৈয়ো উদাসীন শিল্পা। কাণ সৰালি দিয়া শিল্পাই কয়, ‘ৰাজকুন্দ্ৰাৰ কথা ভাবিবলৈ সময় নাই, মই নিজৰ কামত ব্যস্ত। তেওঁৰ গোপন কু-কৰ্মৰ বিষয়ে মই একো নাজানো।’ আনহাতে বিগত পষেকতো শিল্পাই নতুন সংগীৰ সৈতে নৱজীৱনৰ পাতনি মেলাৰ কথা সদৰী কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?