--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

চেন্নাই : চলচ্চিত্ৰত তেওঁৰ কাৰণে অসাধ্য বুলি একো নাই। চমৎকাৰিত্বৰে আন এটা নাম তেওঁ। তেওঁ ভাৰতীয় ছবিজগতৰ মহাতাৰকা থালাইৱা, ৰজনীকান্ত। পিছে এইবাৰ তেওঁ হাৰ মানিলে। কোনো প্ৰতিবন্ধকতাকে স্বীকাৰ কৰিবলৈ অস্বীকাৰ কৰি থালাইৱাই এইবাৰ থমকি ৰ’ল নিজৰ এটা পদক্ষেপত। ৰাজনীতিৰ পথাৰৰ পৰা তেওঁ আঁতৰি থকাৰ সিদ্ধান্তৰ কথা আজি প্ৰকাশ কৰিছে।

কেইবামাহো স্বাস্থ্যজনিত কাৰণত ৰাজনীতিৰ পৰা আঁতৰি থকাৰ পাছত তেওঁ নিজৰ এই সিদ্ধান্ত অটুট ৰখাৰ কথা প্ৰকাশ কৰিছে। তেওঁ নিজৰ সংগঠন ৰজনী মাক্কাল মন্দৰাম (Rajini Makkal Mandram) ভংগ কৰি দিয়াৰ কথাও প্ৰকাশ কৰে। তেওঁ কয়, ‘ভৱিষ্যতে ৰাজনীতিত প্ৰৱেশ কৰাৰ মোৰ কোনো পৰিকল্পনা নাই। ৭০ বছৰীয়া তাৰকাগৰাকীয়ে আজি তেওঁৰ ফ’ৰামৰ সদস্যসকলক শেষবাৰৰ বাবে সাক্ষাৎ কৰাৰ পাছত এই সিদ্ধান্তৰ কথা প্ৰকাশ কৰে।

দ্য ৰজনী মাক্কাল মন্দৰাম ২০১৮ চনত গঠন কৰা হৈছিল। এতিয়া ইয়াক ভংগ কৰি দি ইয়াক ৰজনী ৰাছিগাৰ নাৰপানী মন্দৰাম অৰ্থাৎ ‘ৰজনী ফেনছ ৱেলফেয়াৰ ফ’ৰাম’ ৰূপে নতুনকৈ গঢ় দিয়া হ’ব। এই আনুষ্ঠানিক ঘোষণাৰ পাছতে ৰজনীকান্তে ৰাজনীতিত যোগ দিয়া নিদিয়াক লৈ চলি থকা জল্পনা-কল্পনাৰো অন্ত পৰিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?