--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড অভিনেত্ৰী পৰিণীতি চোপ্ৰা আৰু আম আদমী পাৰ্টিৰ নেতা ৰাঘৱ চাদ্ধা এইকেইদিন চৰ্চাত আছে। দুয়োৰে ডেটিঙৰ বাতৰি ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে। ইফালে পৰিণীতি আৰু ৰাঘৱক একেলগে বিমানবন্দৰতো দেখা গৈছে। এই কথাও শুনিবলৈ পোৱা গৈছে যে দুয়োজনে অতি সোনকালে বিবাহপাশত আৱদ্ধ হ’ব। 

ৰাঘৱ চাদ্ধাৰ সৈতে সম্পৰ্কৰ উৰাবাতৰিৰ মাজতে ক্ৰমাৎ ভাইৰেল হৈ পৰিছে অভিনেত্ৰীগৰাকীৰ এটা পুৰণি সাক্ষাৎকাৰ। আচলতে এই ভাইৰেল সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীক সোধা হৈছিল যে তেওঁ কেতিয়াবা কোনো ৰাজনীতিবিদৰ লগত ডেটিং কৰিব নেকি, তাৰ উত্তৰত পৰিনীতিয়ে কয়, “মই কোনো ৰাজনীতিবিদক বিয়া কৰাব নিবিচাৰো। ভাল বিকল্প বহুত আছে, কিন্তু ৰাজনীতিবিদৰ লগত বিয়া কৰাব নিবিচাৰো।"

এটা সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত পৰিণীতিয়ে তেওঁৰ ভৱিষ্যত জীৱন সংগী কেনে হোৱাটো বিচাৰে, সেই কথা কৈছিল। অভিনেত্ৰীগৰাকীয়ে কৈছিল যে ''তেওঁ ধেমেলীয়া প্ৰকৃতিৰ হ’ব লাগিব, তেওঁৰ লগত মোৰ ভাইব মিল খাব লাগিব আৰু তেওঁ মোক সন্মান কৰিব লাগিব।'' ইয়াৰ উপৰিও পৰিণীতিয়ে কৈছিল যে তেওঁ ভ্ৰমণৰ প্ৰতি অতি আকৰ্ষিত, গতিকে তেওঁৰ জীৱনসংগীও ভ্ৰমণৰ প্ৰতি আকৰ্ষিত হোৱা উচিত।

উল্লেখ্য যে যোৱা সপ্তাহত পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাদ্ধাক ৰেষ্টুৰেণ্টৰ পৰা ওলাই অহা দেখা পোৱাৰ পৰাই ৰাঘৱ আৰু পৰিণীতিৰ ডেটিঙৰ উৰাবাতৰি আৰম্ভ হৈছিল। যদিও দুয়োৰে সম্পৰ্কৰ অৱস্থাক লৈ এতিয়াও নিশ্চিত তথ্য নাই তথাপিও আপ নেতা সঞ্জীৱ অৰোৰা আৰু অভিনেতা হাৰ্ডি সন্ধুকে ধৰি তেওঁলোকৰ চৌপাশৰ লোকে এই বিবাহৰ উৰাবাতৰি নিশ্চিত কৰিছে।

এতিয়া পৰিণীতিয়ে ৰাজনীতিবিদ ৰাঘৱ চাদ্ধাৰ সৈতে বিয়াত বহিবনে নাই সেয়াহে হ’ব লক্ষ্যণীয়। 
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?