--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বিজেপি নেতা তজিন্দৰ সিং বগ্গাক গ্ৰেপ্তাৰক লৈ দেশৰ ৰাজনীতি উত্প্ত হৈ পৰিছে। দিল্লীৰ পৰা তেওঁক গ্ৰেপ্তাৰৰ পাছতে সন্মুখ-সমৰত লিপ্ত হৈছে দিল্লী আৰু পঞ্জাব আৰক্ষী। অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা তথা তেওঁক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগত পঞ্জাব আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল তজিন্দৰক। কিন্তু তাৰ পাছতে এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে। দিল্লী আৰক্ষীয়ে এই ঘটনাটোক লৈ বিৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা গৈছে। কেৱল এয়াই নহয় পঞ্জাব আৰক্ষীৰ বিৰুদ্ধে অপহৰণৰ গোচৰ ৰুজু কৰিছে দিল্লী আৰক্ষীয়ে।

বিজেপি নেতা তজিন্দৰ সিং বগ্গাক দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰিছিল পঞ্জাব আৰক্ষীয়ে। কিন্তু তাৰ পাছতে দিল্লী আৰক্ষীয়ে বাধাৰ সৃষ্টি কৰে। ঘটনাটোক ৰাজনৈতিক ৰূপ দি দিল্লী আৰক্ষীয়ে পঞ্জাব আৰক্ষীৰ সন্মুখত ভেটা বান্ধিছে। হাৰিয়ানাৰ কুৰুক্ষেত্ৰত তজিন্দৰ বগ্গা লৈ নিয়া পঞ্জা আৰক্ষীৰ এখন বাহনক বাধা দিয়া হয়। উল্লেখ্য যে, বাগ্গাৰ বিৰুদ্ধে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ অভিযোগ উত্থাপিত হৈছিল

পঞ্জা আৰক্ষীয়ে বিজেপি নেতা তাজিন্দৰ পাল বাগ্গাক গ্ৰেপ্তাৰ কৰাটোৱে এক ৰাজনৈতিক সংঘাতৰ ৰূপ লোৱাটো উদ্বেগৰ বিষয় হৈ পৰিছে। তেওঁক গ্ৰেপ্তাৰ কৰা আৰক্ষীৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে অপহৰণৰ এটা গোচৰ ৰুজু কৰাটোও সকলোকে চমকিত কৰা ঘটনাত পৰিণত হৈছে। গ্ৰেপ্তাৰ কৰা আৰক্ষীসকলৰ বিৰুদ্ধে গোচৰটো পঞ্জীয়ন কৰা হৈছে। 

উল্লেখ্য যে, ১ এপ্ৰিলত বিজেপি নেতা বগ্গাৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰা হৈছিল। তেওঁক উচতনিমূলক মন্তব্য দিয়া, শত্ৰুতা বৃদ্ধি কৰা আৰু অপৰাধমূলক ভাবুকি দিয়াৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছিল। ৰাচলতে, কাশ্মীৰ ফাইলছ’ নামৰ চলচ্চিত্ৰখন সন্দৰ্ভত দিয়া বক্তব্যক লৈ বগ্গাই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক আক্ৰমণ কৰি আহিছে।

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?