--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

কোকৰাঝাৰ : 'ৰাজনীতিত ড° হিমন্ত বিশ্ব শৰ্মাৰ গুৰু মইহে ৷ হিমন্ত মোৰ পৰা হে দীক্ষা লৈছে ৷ মোৰ অবিহনে হিমন্ত আজি এই পজিচনত নাহিলেহেতেন'- নিৰ্বাচনী প্ৰচাৰ সভাত সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰে বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে ৷ কোকৰাঝাৰৰ সমীপৱৰ্তী বালাজান তিনিআলিৰ ভূটীয়াপাৰা গাঁৱত কোকৰাঝাৰ পূৱ সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মৰ হৈ চলোৱা প্ৰচাৰ সভাত সাংবাদিকৰ আগত এইদৰে মন্তব্য কৰে হাগ্ৰামাই৷

আৰু পঢ়িব পাৰিব : ধেমাজিত নিৰ্বাচনী প্ৰচাৰত ভাগ লোৱাৰ পূৰ্বে নাচিলে হিমন্তই

লগতে তেওঁ কয় যে,  হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হোৱাৰ বহুত আগ্ৰহ থাকিলেও যোগ্যতা আৰু ভাগ্যই নাই৷ 'হিমন্ত মুখ্যমন্ত্ৰী হয় তেন্তে মই হে আগত মুখ্যমন্ত্ৰী হ’ম ৷ কাৰণ মই হে ছিনিয়ৰ' বুলিও কটাক্ষ কৰে হাগ্ৰামাই৷ আন পিনে প্ৰচাৰ সভাত মহিলাৰীয়ে ৰাইজক উদ্দেশ্যি কয় যে, এইবাৰ মহাজোঁটৰ বন্ধনে চৰকাৰ চলাব ৷

আৰু পঢ়িব পাৰিব : উপযুক্ত চিকিৎসাৰ অভাৱত বক্সাৰ শ্যাম প্ৰসাদ শৰ্মাৰ অকাল বিয়োগ

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিজেপিয়ে খুউব বেছি পাছখন বা ছয়খন আসনহে পাব ৷ মহাজোটবন্ধন, এজেপি,ৰাইজৰ দলে ২০ খন আসন পাব ৷ আনহাতে ইউপিপিএল দলক কটাক্ষ কৰি তেওঁ কয় যে, 'এতিয়া ইমানেই পেট্ৰল ডিজেলৰ দাম বঢ়াইছে যে ট্ৰেক্টৰ দি আৰু কোনেও হাল নামাৰে ৷ গতিকে নাঙলৰ মুঠিত আমি ধৰিয়েই আগুৱাই যাব লাগিব৷'

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?