--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জয়পুৰৰ চৰকাৰী চিকিৎসালয়ত কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে ভৰ্তি হোৱা ১০ বছৰীয়া ল’ৰা এটাৰ ভৰিৰ আঙুলিটো নিগনিয়ে কামোৰাৰ অভিযোগ উত্থাপন হৈছে। যাৰ ফলত শিশুটিৰ মৃত্যু হয়। শনিবাৰে এজন বিষয়াই এই তথ্য প্ৰদান কৰে। চিকিৎসালয়ৰ বিষয়াসকলে জনোৱা মতে, শিশুটিৰ মৃত্যু এন্দুৰে কামোৰাৰ বাবে নহয়, বৰঞ্চ “চেপটিচেমিয়া শ্বক আৰু উচ্চ সংক্ৰমণৰ বাবে”। 

এই সন্দৰ্ভত তদন্তৰ বাবে ৰাজস্থান চৰকাৰে গঠন কৰিছে এখন কমিটী। যোৱা ১১ ডিচেম্বৰত শিশুটিক চিকিৎসাৰ বাবে ইয়াৰ ৰাজ্যিক কৰ্কট চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

চিকিৎসালয়ৰ অধীক্ষক ডাঃ সন্দীপ জাছুজাই কয় যে, ‘‘শিশুটোৰ জ্বৰ আৰু নিউমোনিয়াও আছিল। শুকুৰবাৰে তেওঁৰ মৃত্যু হয় উচ্চ সংক্ৰমণ, চেপ্টিচেমিয়া শ্বকৰ বাবে।" বিষয়াসকলে জনোৱা মতে, চিকিৎসা শিক্ষা সম্পাদক অম্ব্ৰিশ কুমাৰে ছাৱাই মান সিং (এছ এম এছ) চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষৰ পৰা প্ৰতিবেদন বিচাৰিছে।

এক প্ৰতিবেদন অনুসৰি ভৰ্তি হোৱাৰ কিছু সময়ৰ পিছতে শিশুটিয়ে কান্দিবলৈ আৰম্ভ কৰে। যেতিয়া তেওঁৰ পৰিয়ালৰ লোকে তেওঁৰ শৰীৰৰ পৰা কম্বলখন আঁতৰাই দিয়ে, তেতিয়া তেওঁলোকে দেখিলে যে তেওঁৰ ভৰিৰ আঙুলিত এটা নিগনি কামোৰাৰ বাবে তেজ ওলাই আছে। পৰিয়ালৰ লোকে তাত উপস্থিত নাৰ্চিং কৰ্মচাৰীক অৱগত কৰে, যিয়ে প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছত ভৰিখন বেণ্ডেজ কৰে। যশুজাই কয় যে নিগনি কামোৰাৰ তথ্য পোৱাৰ লগে লগে তেওঁ শিশুটিৰ চিকিৎসা আৰম্ভ কৰে। তেওঁ কয় যে চিকিৎসালয়ৰ চৌহদত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিবলৈ নিৰ্দেশনা দিয়া হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?